NORTHEAST NOW (Assamese)
Popular Stories

ত্ৰিপুৰাত আই পি এফ টিৰ ৪ শতাধিক সদস্যৰ কংগ্ৰেছত যোগদান

Posted by: এন ই নাও নিউজ April 4, 2019 8:32 am
bjp-ipft-570x320

আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মিত্ৰদল আই পি এফ টিত মোক্ষম আঘাত হানি দলটোৰ ৪ শতাধিক কৰ্মী আৰু সমৰ্থকে কংগ্ৰেছ দলত যোগদান কৰে।

যোৱা মঙলবাৰ অৰ্থাৎ ২ এপ্ৰিলত আই পি এফ টিৰ জ্যেষ্ঠ নেতা তথা উপ সভাপতি কৃতিমোহন ত্ৰিপুৰাৰ নেতৃত্বত দলটোৰ কৰ্মী-সমৰ্থকসকলে আই পি এফ টিৰ পৰা ওলাই আহে।

দলৰ পৰা ওলাই আহি তেওঁলোকে আই পি এফ টিয়ে জনাই অহা পৃথক ৰাজ্যৰ দাবীক বিৰোধিতা কৰে। এই সন্দৰ্ভত কৃতিমোহন ত্ৰিপুৰাই কয়, ‘তিপ্ৰালেণ্ডৰ দাবীক লৈ ৰাজ্যখনৰ জনসাধাৰণ বিভ্ৰান্ত আছিল, আমাৰ নেতাসকলে আমাক বিশ্বাসঘাটকতা কৰিলে। এই দাবী যে বাস্তৱসন্মত নহয় সেই কথা আমি এতিয়া বুজি পাইছো। সেয়ে আমি কংগ্ৰেছত যোগদান কৰাৰ সিদ্ধান্ত লওঁ  যিহেতু দলটোৱে আমাক খিলঞ্জীয়া লোকসকলৰ বিকাশৰ প্ৰতিশ্ৰুতি দিছে।‘