NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ জ্যোতিপুৰত ভোটদান কৰিলে অগপৰ সভাপতি অতুল বৰাই

Posted by: উত্তম শইকীয়া April 11, 2019 1:59 pm

দেশৰ লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বোকাখাতৰ ৮০নং জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই ৷

ৰাইজৰ সৈতে শাৰী পাতি ভোটদান কৰি উঠাৰ পিছত বৰাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইবাৰৰ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেৱল কলিয়াবৰতেই নহয় সকলো সমষ্টিতেই জয় লাভ কৰিব বুলি কয়। তদুপৰি আজি নিৰ্বাচন অনুষ্ঠিত ৫টা সমষ্টিত মিত্ৰজোঁটেই জয়ী হ’ব বুলি তেওঁ দাবী কৰে।

আজি পুৱা ৭ বজাৰ পৰা বোকাখাতৰ ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। অৱশ্যে মহকুমাটোৰ জ্যোতিপুৰ, টাউন এল পি স্কুল আৰু গৰৈমাৰী কেন্দ্ৰত কিছু পলমকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

ফৰকাল বতৰৰ বাবে মহকুমাটোত ভোটদানৰ হাৰ ভাল হোৱাৰ সম্ভাৱনা আছে। জিলা নিৰ্বাচনী বিষয়া বিবেক শ্যামে জনোৱা মতে সমষ্টিটোত দুপৰীয়া ১২ বজালৈকে ভোটদানৰ হাৰ হৈছে ৩৫ শতাংশ।