NORTHEAST NOW (Assamese)
অসম

নিকৃষ্ট ৰাজনীতি কৰি কংগ্ৰেছে বহু নিৰীহ লোকক মৃত্যু মুখলৈ ঠেলি দিছিল : মুখ্য মন্ত্ৰী সোণোৱাল

Posted by: এন ই নাও নিউজ April 17, 2019 10:15 pm

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত আজি মুখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱালে বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁৰ লগত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী।

মুখ্য মন্ত্ৰী সোণোৱালে প্ৰমিলাৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই কয় যে, ‘মই মুখ্য মন্ত্ৰী হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে আমাৰ প্ৰতিনিধিক জয়যুক্ত কৰক, আমি আপোনাৰ নিৰাপত্তা নিশ্চিত কৰিম, মান-সন্মান ৰক্ষা কৰিম।’

আনহাতে নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱালে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। মুখ্য মন্ত্ৰী সোণোৱালে কংগ্ৰেছৰ দিনত কোকৰাঝাৰ বহুতো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ দিনত কোকৰাঝাৰলৈ মানুহ আহিবলৈ ভয় কৰিছিল।

তাৰোপৰি কংগ্ৰেছে তেওঁলোকৰ চৰকাৰৰ দিনত কোকৰাঝাৰ অঞ্চলত নিকৃষ্ট ৰাজনীতি কৰি বহু নিৰীহ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল বুলিও মুখ্য মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।

কিন্তু বৰ্তমান বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত কোকৰাঝৰ অঞ্চললৈ শান্তি ঘূৰি আহিছে বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে। লগতে কয় যে বৰ্তমান কোকৰাঝাৰ অঞ্চললৈ বিদেশী পৰ্যটকৰো আগমন ঘটিছে।