NORTHEAST NOW (Assamese)
অসম

বানপানীৰ সৈতে যুঁজিবলৈ সাজু কাজিৰঙাৰ বন কৰ্মী আৰু বিশ্বনাথ জিলা প্ৰশাসন

Posted by: কাজি জেইদুল ইছলাম April 25, 2019 12:56 pm

বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুসমূহে সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু বানপানীৰ পৰা ৰক্ষা পাবলৈ উদ্যানখনৰ পৰা বাহিৰলৈ ওলাই অহা বন্যপ্ৰাণীসমূহক উদ্ধাৰ কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে বিশ্বনাথ জিলা উপায়ুক্ত সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়।

সভাত বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা অতিৰিক্ত উপায়ুক্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰকে ধৰি বন বিভাগৰ বহু কেইগৰাকী বিষয়া-কৰ্মচাৰী তথা স্বেচ্ছাসেৱী সংগঠন, আৰক্ষী প্ৰশাসন, প্ৰকৃতিপ্ৰেমী সংগঠনৰ লোক উপস্থিত থাকে।

বৈঠকত বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আন বিভিন্ন দিশ আলোচনা কৰা হয়।

উক্ত সভাৰ অন্তত বিশ্বনাথ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক গৰাকীয়ে বনকৰ্মী সকলক নিদিৰ্ষ্ট পোচাক বিতৰণ কৰাৰ লগতে এন টি চি এ (National Tiger Conservation Authority)ৰ  তৰফৰ পৰাও বনকৰ্মীসকলৰ কৰ্মৰত সময়ত প্ৰায়ে প্ৰয়োজন হোৱা বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে।