NORTHEAST NOW (Assamese)
অসম

ৰঞ্জিত দাস কিমান পানীৰ মাছ ২৩ মে’ৰ পাছত দেখা যাব : আৰ পি শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2019 6:55 am
Ranjit Das and RP Sharma

তেজপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ দল বিৰোধী মন্তব্য সন্দৰ্ভত মতামত প্ৰকাশ কৰি বৃহস্পতি বাৰে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক অভিযোগ দিব বুলি মন্তব্য দিয়াৰৰ পাছত তেজপুৰৰ সাংসদ গৰাকীয়ে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ৰঞ্জিত দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে শৰ্মাই কয় যে ৰঞ্জিত দাসে বেছি খৰটকীয়া কৰিছে। তেওঁ ২৩ মে’লৈ অপেক্ষা কৰা উচিত তাৰ পাছত দেখা যাব কোন কিমান পানীৰ মাছ।

আনহাতে, ৰাষ্ট্ৰীয় সভাপতিক ৰঞ্জিত দাসে সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ দিয়া কথাটোক আৰ পি শৰ্মাই আদৰণি জনাইছে বুলি কয়। অভিযোগ দিলে দিল্লীৰ পৰা ন’টিছ আহিব আৰু মই ইয়াৰ উত্তৰ দিবলৈ সাজু বুলিও কয় তেওঁ।

তদুপৰি, কৌৰব-পাণ্ডবৰ যুদ্ধৰ উদাহৰণ দি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ যুদ্ধ তেজপুৰক লৈ বুলি উল্লেখ কৰে আৰ পিয়ে।

উল্লেখযোগ্য যে, চলিত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাক দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰি তেজপুৰৰ পৰা পল্লৱ লোচন দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। এই কথাত ক্ষুণ্ণ হৈ সাংসদগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি আহিছে।