NORTHEAST NOW (Assamese)
অসম

সুন্দৰীৰ সান্নিধ্যত দিল্লীৰ নাইট ক্লাবত ৰোমাঞ্চকৰ নৃত্য নাগালেণ্ড বিজেপি অধ্যক্ষৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2019 11:43 am
Nagaland BJP Chief

নাগালেণ্ড বিজেপিৰ অধ্যক্ষ তেমজেন ইমনা আলঙে নতুন দিল্লীৰ নাইট ক্লাবত যুৱতীৰ সৈতে ৰোমাঞ্চকৰ নৃত্য কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভিডিঅ’টোত নাগালেণ্ডৰ বিজেপি অধ্যক্ষগৰাকীয়ে নাইট ক্লাবটোত এগৰাকী যুৱতীৰ সৈতে নৃত্যত মচগুল হৈ থকাৰ লগতে এবাৰ যুৱতীগৰাকীৰ হাতত ইচ্ছাকৃতভাৱে চুম্বন কৰাৰ দৃশ্যও স্পষ্ট ৰূপত দেখা যায়। অৱশ্যে এই ভিডিঅ’টোত দেখা নাইট ক্লাবটোৰ পৰিচয় আৰু ঘটনাটো কেতিয়াৰ সেই কথা জানিব পৰা হোৱা নাই।

বিজেপিৰ সভাপতিগৰাকীয়ে চৰকাৰী কামৰ উদ্দেশ্যে নতুন দিল্লীলৈ গৈছিল নে ব্যক্তিগত কামত গৈছিল সেই কথাও জানিব পৰা নাই যদিও তেওঁৰ সেই নাইট ক্লাবৰ নৃত্যই এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আজিৰ পৰা কেইদিন মান পূৰ্বে চৰকাৰীৰ কামত মণিপুৰলৈ অহা বিহাৰৰ এগৰাকী বিধায়ককো একাংশ কিশোৰীৰ সৈতে যৌন উত্তেজক নৃত্য উপভোগ কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। দেশখনৰ এনে বহু ৰাজনৈতিক নেতাই সময়ে সময়ে এনেধৰণৰ নিকৃষ্ট কাণ্ডত জড়িত হৈ আহিছে।

নাগালেণ্ড বিজেপিৰ অধ্যক্ষ তথা নেইফিঅ’ ৰিঅ’ নেতৃত্বাধীন পি ডি এ মিত্ৰজোঁট চৰকাৰৰ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈ থকা তেমজেন ইমনা আলঙৰ এনে কাৰ্যই স্বাভাৱিকতে অস্বস্তিত পেলাইছে নাগালেণ্ড বিজেপিক।