NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰত ৰহিংগিয়া মুছলমানৰ উপস্থিতিক লৈ উদ্বেগ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2019 5:43 pm
N-Biren-Singh-1-570x320

মণিপুৰত ৰহিংগিয়া মুছলমান লোকৰ উপস্থিতিৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে। মঙলবাৰে ইম্ফলত এখন জনসভাত তেওঁ বিষয়টো উল্লেখ কৰে।

‘ৰাজ্যখনলৈ ৰহিংগিয়াসকলক প্ৰৱেশৰ সুবিধা কৰি দিয়াৰ লগতে তেওঁলোকক আশ্ৰয় দিয়া লোকসকলক বাচি উলিওৱাৰ ব্যৱস্থা কৰিব লাগিব।‘ সিঙে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে ইম্ফল বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা ৬ গৰাকী ৰহিংগিয়াৰ প্ৰসংগটো উত্থাপন কৰি এইদৰে মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে ভুৱা নথি-পত্ৰৰ সৈতে ইম্ফল বিমানবন্দৰত  প্ৰৱেশ কৰা ৬ গৰাকী ৰহিংগিয়া মুছলমান লোকক যোৱা ১০ আগষ্টত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়াক আটক

এন বীৰেন সিঙে লগতে কয়, ‘এইটোৱে ইংগিত দিয়ে যে তেওঁলোকৰ বহুতেই মণিপুৰত আশ্ৰয় লৈ আছে আৰু আমি এওঁলোকক অবৈধভাৱে প্ৰৱেশ কৰোৱাত জড়িত থকাসকলক বিচাৰি উলিয়াব লাগিব’।

তেওঁ ৰহিংগিয়া আৰু তেওঁলোকক অনুপ্ৰৱেশত সহায় কৰি অহা সকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ স্থানীয় লোকসকলক আহ্বান জনায়।

সিঙে কয় যে যদিহে ৰহিংগিয়াসকলৰ অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা নায়াই তেন্তে ‘ইতিমধ্য সংকুচিত’ হৈ অহা মণিপুৰি সকলৰ জনসংখ্যা আগন্তক দিনত অস্তিত্বহীন হৈ পৰিব।