NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত পুখুৰীত গা ধুবলৈ গৈ দুগৰাকী শিশুৰ সলিল সমাধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2019 10:30 am
Children died at Tamulpur

বাগছা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰনগৰ গাঁৱত শুকুৰবাৰে হৰকুমাৰ ৰাজবংশী (১৩) আৰু মৃণ্ময় ৰাজবংশী (১০) নামৰ দুগৰাকী ছাত্ৰৰ পুখুৰীত গা ধুবলৈ যাওঁতে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

হৰকুমাৰ ৰাজবংশী আৰু মৃণ্ময় ৰাজবংশী বৰনগৰ গাঁৱৰে প্ৰতাপ ৰাজবংশী আৰু বৰডা ৰাজবংশীৰ পুত্ৰ।

জানিব পৰা মতে, দুয়োগৰাকীয়ে ছাত্ৰই শুকুৰবাৰে মাছ মাৰি উঠি পুখুৰীত গা ধুবলৈ যোৱাৰ পাছত বহুসময় ধৰি ঘৰলৈ উভতি নহা বাবে পৰিয়ালৰ লোকৰ মাজত বিচাৰ-খোচাৰ লাগে।

লগে লগে পৰিয়ালৰ লোকসকল পুখুৰীৰ পাৰলৈ যায় আৰু দুয়োগৰাকী ছাত্ৰৰ পুখুৰীৰ পানীত ওপঙি থকা মৃতদেহ প্ৰত্যক্ষ কৰে।

স্থানীয় লোকে ততাতৈয়াকৈ ছাত্ৰ দুগৰাকীক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে যদিও চিকিৎসকে দুয়োজনকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে।

একেখন গাঁৱৰে দুগৰাকী কণমানি ছাত্ৰই এনেদৰে অকাল মৃত্যুক সাবতিব লগা হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

মৃত হৰকুমাৰ ৰাজবংশী অষ্টম শ্ৰেণীত আৰু মৃণ্ময় ৰাজবংশী চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি আছিল।