NORTHEAST NOW (Assamese)
অসম

হোজাইত শোকাৱহ পথ দুৰ্ঘটনা; এজন নিহত গুৰুতৰভাৱে আহত দুজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 10:24 am
Accident-750x375-1-1-1140x570

বুধবাৰে নিশা হোজাই জিলাৰ অন্তৰ্গত ডবকাৰ গনিপুৰ বাইপাছৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে তীব্ৰ বেগত আহি থকা এ এছ ০২ এল ৭৬৭৫ নম্বৰৰ এখন বাইকে এজন পথচাৰীক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হোৱাৰ লগত আনজন আৰোহী আৰু পথচাৰীজনে গুৰুতৰ আঘাত পায়।

নিহত লোকজনৰ নাম ছালেহ আহমেদ। আনহাতে আঘাতপ্ৰাপ্ত পথচাৰীজনক চিৰাজ উদ্দিন আৰু আনজন মটৰ চাইকেল আৰোহীক এনাম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি নিশা ৭ মান বজাত ছালেহ আহমেদ আৰু এনাম উদ্দিনে মটৰ চাইকেলেৰে ডবকাৰ পৰা হোজাই অভিমুখে গৈ আছিল। সেই সময়তে ডবকা-গনিপুৰ বাইপাছত চিৰাজ উদ্দিন নামৰ লোকজনে পথ পাৰ হ’বলৈ ধৰোতেই তীব্ৰ বেগত আহি থকা বাইকখে তেওঁক খুন্দা মাৰে।

স্থানীয় ৰাইজৰ সহযোগত ডবকা আৰক্ষীয়ে আহত ব্যক্তি দুজনক প্ৰথমে ডবকাৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।