NORTHEAST NOW (Assamese)
অসম

আবকাৰী বিভাগৰ অভিযানত গোৱালপাৰাত বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ দুজন লোক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2019 8:04 pm
Goalpara wine sugglar

গুৱাহাটীৰ পৰা যোৱা আবকাৰী বিভাগৰ এটা দলে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই গোৱালপাৰা জিলাৰ খাৰবোজা অঞ্চলৰ পৰা শুকুৰবাৰে নিশা বৃহৎ পৰিমাণৰ সুৰাসহ দুজন লোকক আটক কৰে।

আটক কৰা লোক দুজন গোৱালপাৰা জিলাৰে নিপুল ৰাভা আৰু ৰাজেশ কুমাৰ বুলি জানিব পৰা গৈছে।

অভিযানকাৰী দলটোৱে আটক কৰা লোকদুজনৰ বাসগৃহৰ পৰা ১৬৩ কাৰ্টন বীয়েৰ, ১৬২ কাৰ্টন বিলাতী সুৰা আৰু বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন অবৈধ সুৰা ব্যৱাসায়ী দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে।

তদন্তৰ সময়ত দুয়োগৰাকী সুৰা মাফিয়াই গোৱালপাৰাৰ বিভিন্ন অঞ্চলত অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই আহিছিল বুলি প্ৰকাশ কৰে।

স্থানীয় লোকে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত থকা অবৈধ সুৰাৰ ঘাটিসমূহ উৎখাত কৰাৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনক বিভিন্ন সময়ত দাবী জনাই আহিছে বুলি কয়।

আনহাতে, আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৰ সফল অভিযানত আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দলটোক ধন্যবাদ জ্ঞাপন কৰে।