NORTHEAST NOW (Assamese)
অসম

মঙলদৈত গৰু চুৰি, এ টি এম লুট, দোকানত চুৰি কাৰ্য্যত জড়িত চক্ৰক গ্ৰেপ্তাৰ

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী January 25, 2020 7:39 pm
criminal racket busted

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মঙলদৈ আৰক্ষীয়ে এটা অভিযান চলাই বিভিন্ন অপকৰ্মত জড়িত থকা এটা চক্ৰ উৎখাত কৰাৰ লগতে চক্ৰটোৰ ৫জনক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তকেইজনৰ ঘৰ হাজো আৰু নলবাৰী অঞ্চলত।

আৰক্ষীয়ে জনোৱা মতে চক্ৰটোৱে গৰু চুৰি, এ টি এম লুট আৰু দোকানত চুৰি কাৰ্য্য সংঘটিত কৰি আহিছিল।

এটা বিশেষ সূত্ৰৰ পম খেদি মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে এই আন্তঃজিলা চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সংকেত অৱমাননা কৰি দেখি পলাবলৈ চেষ্টা কৰা দলটোৰ পৰা আৰক্ষীয়ে এখন আৰ্টিগা গাড়ীত (পঞ্জীয়ন নং AS01 LC 2380) ভৰাই নিয়া এটা বলধ আৰু দুজনী গাই জব্দ কৰিছে। আৰক্ষীয়ে দলটোৰ পৰা তলা, শ্বাটাৰ কটা বিভিন্ন সৰঞ্জামো জব্দ কৰে।

আৰক্ষীৰ সূত্ৰটোৱে কয় যে প্ৰাথমিক জেৰাত অভিযুক্তকেইজনে দৰং অঞ্চলৰ পৰা ৪০টাতকৈ অধিক গৰু চোৰ কৰা বুলি স্বীকাৰ কৰিছে। লগতে ৰাজ্যৰ বিভিন্ন জিলাত এ টি এম, দোকান লুটৰ ঘটনা সংঘটিত কৰা বুলিও স্বীকাৰ কৰিছে।

চক্ৰটোৱে চুৰি কৰা গৰুবোৰ নিয়মীয়াকৈ হাজো, কামৰূপত থকা বিভিন্ন কছাইখানাত বিক্ৰী কৰি আহিছে বুলি ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই কয়।

আৰক্ষীয়ে আজি অভিযুক্তকেইজনক আদালতত হাজিৰ কৰায় আৰু ৭ দিনৰ জিম্মাত লয়। তেওঁলোকৰ পৰা অধিক তথ্য উলিওৱাৰ চেষ্টাৰে জেৰা চলাই থকা হৈছে, বিষয়াজনে কয়।

“গ্ৰেপ্তাৰ কৰা লোককেইজনক ৭ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আমি আদালতলৈ গৈছিলো। কাৰণ আমি অধিক গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ আশা কৰিছো, যাতে চক্ৰটোৰ পলাই থকা আনসকলক ধৰিব পাৰো”, ভাৰপ্ৰাপ্ত বিষয়াজনে কয়।