NORTHEAST NOW (Assamese)

দেৰগাঁৱত ১৬বছৰীয়া কিশোৰীৰ আত্মহত্যা; লিখি থৈ গ’ল ১১পৃষ্ঠাৰ আত্মহত্যাৰ টোকা

February 21, 2022 7:13 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

দেওবাৰে দেৰগাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে এগৰাকী আৰক্ষী বিষয়াই তেওঁক শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ আনি আত্মহত্যা কৰে।

কৃষ্ণাংগী শইকীয়া নামৰ ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে ১১পৃষ্ঠাৰ এটি আত্মহত্যাৰ টোকা লিখি থৈ যায়।

আত্মহত্যাৰ টোকাটোত কিশোৰীগৰাকীয়ে পল্লৱ শইকীয়া নামৰ এগৰাকী আৰক্ষী বিষয়াই তাইক শাৰীৰিক তথা মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে।

পল্লৱে তাইক অনৈতিক কাৰ্য কৰিবলৈ বাধ্য কৰিছিল।

লগতে পঢ়ক:দুধনৈত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজপথতে মহিলাক ডিঙি কাটি হত্যা

কিশোৰীগৰাকীৰ পিতৃয়ে দাবী কৰে যে তাইক নিৰ্যাতন চলোৱা হৈছিল আৰু বিবাহিত হোৱা সত্তেও আৰক্ষী বিষয়াগৰাকীয়ে  বহু অনৈতিক কাৰ্য কৰিবলৈ তাইক বাধ্য কৰিছিল।

কিশোৰীগৰাকীয়ে সেয়া কৰিবলৈ অমান্তি হোৱাৰ পিছতে তেওঁ তাইক হত্যাৰ ভাবুকি দিছিল।

কিশোৰীৰ পিতৃয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে।

ঘটনাটো সংক্ৰান্তত দেৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।     

Related News