NORTHEAST NOW (Assamese)

মৰিগাঁৱত প্রেমিকাৰ ঘৰৰ চৌহদতে আত্মহত্যা হতাশাগ্ৰস্ত প্ৰেমিকৰ

October 24, 2018 12:36 pm · এন ই নাও নিউজ
Updated: October 24, 2018 1:13 pm

এজন যুৱকে আত্মহত্যা কৰা ঘটনাই সম্প্ৰতি মৰিগাঁও জিলাৰ ধৰমতুলৰ আলিচিঙাৰ নেপালী বস্তিত সাধাৰণ লোকৰ মাজত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কিয়নো আজি ৰাতিপুৱা যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছে প্ৰেমিকাৰ ঘৰৰ পিছফালে।

জানিব পৰা মতে যুৱকজন ধৰমতুলৰ শান্তিপুৰ নিৱাসী সীমান্ত দাস। স্থানীয় লোকসকলে প্ৰেমজনিত কাৰণতে এনেদৰে যুৱকজনে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা বুলি অভিহিত কৰে।

উল্লেখ্য যে প্ৰেমিক সীমান্ত দাস আৰু প্ৰেমিকাৰ পৰিয়ালৰ মাজত আদালতত এক গোচৰ চলি আছিল। আৰু এই গোচৰ প্ৰক্ৰিয়াৰ বাবেই সীমান্তই প্ৰেমিকাৰ ঘৰৰ চৌহদত এনেদৰে মঙলবাৰে নিশা আত্মহাত্যা কৰা বুলি জানিব পৰা যায় যদিও পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে।

আনহাতে সন্দেহজনক অৱস্থাত সীমান্তৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ঘটনাস্থলত এটা আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

ইফালে চৰম হতাশাত ভুগি থকা মৃত সীমান্ত দাসে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে আত্মহত্যা কৰিম বুলিও এটা পোষ্ট দিছিল। পোষ্টটোত সীমান্তই প্ৰেমিকাৰ ঘৰৰ চৌহদতে আত্মহত্যা কৰিব বুলি উল্লেখ কৰিছিল।

Related News