NORTHEAST NOW (Assamese)

মাতৃৰ তীৰ্থস্থান দৰ্শনৰ আশা পুৰণ কৰি বাজাজ চেতক স্কুটাৰে ৪৮,১৬২ কিলোমিটাৰ অতিক্ৰমি আকাশীগংগাত উপস্থিত মহীশূৰৰ ‘শ্ৰবণ কুমাৰ’

October 18, 2019 6:59 pm · এন ই নাও নিউজ

৭০ বছৰীয়া মাতৃৰ দেশৰ পবিত্ৰ তীৰ্থস্থান দৰ্শনৰ সপোন পুৰণ কৰি শুকুৰবাৰে ৰাতিপুৱা অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাছিঘাতত উপস্থিত হয় কৰ্ণাটকৰ মহীশূৰৰ বাসিন্দা শ্ৰবণ কুমাৰ হিচাপে পৰিচিত দক্ষিণামুৰ্তি কৃষ্ণা কুমাৰ।

কৃষ্ণা কুমাৰ আৰু তেওঁৰ মাতৃ ৭০ বছৰীয়া সোদাৰত্নাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তেওঁলোকৰ ২০ বছৰীয়া পুৰণি চেতক বাজাজ স্কুটাৰেৰে ভ্ৰমণ কৰি বৃহস্পতিবাৰে লখিমপুৰত উপস্থিত হয়।

তেওঁলোকে ইতিমধ্যে অসম-অৰুণাচলৰ সীমান্তত থকা মালিনী থান আৰু আকাশীগংগা দৰ্শন কৰে।

আকাশীগংগা দৰ্শন কৰি মাতৃ-পুত্ৰ দুয়ো পাচিঘাত হৈ ভাৰত-চীন সীমান্তত থকা টুটিং আৰু গেলিং দৰ্শনৰ বাবে পৰিকল্পনা কৰিছে।

২০১৮ চনৰ ১৬ জানুৱাৰীত ‘মাতৃ সেৱা সংকল্প যাত্ৰা’ আৰম্ভ কৰা কৃষ্ণা কুমাৰে মাতৃৰ সৈতে ইতিমধ্যে ২০ খন ৰাজ্যৰ বিভিন্ন তীৰ্থস্থান দৰ্শন কৰি ৪৮,১৬২ কিলোমিটাৰ অতিক্ৰম কৰিছে।

উত্তৰ-পূবত প্ৰবেশ কৰাৰ পূৰ্বে মাতৃ-পুত্ৰই তেওঁলোকৰ বিশ্বাসী বাহনখনেৰে ভাৰতৰ চুবুৰীয়া দেশ নেপাল, ভূটান আৰু ম্যানমাৰো ভ্ৰমণ কৰে।

অৰুণাচল প্ৰদেশত তেওঁলোকে টাৱাং আৰু বোমদিলাৰ লগতে জিৰো উপত্যকা দৰ্শন কৰে।

বাংগালুৰুৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰা কুমাৰে বিগত বৰ্ষৰ জানুৱাৰী মাহত মাতৃৰ সপোন পুৰণ কৰাৰ বাবে নিজৰ কাম বাদ দিয়ে আৰু তেওঁৰ পুৰণি বাজাজ চেতক স্কুটাৰখনেৰে ভাৰত ভ্ৰমণলৈ ওলায়।

‘‘মোৰ মাৰ তীৰ্থস্থান সমূহ দৰ্শন কৰাৰ বৰ হেপাহ আছিল কিন্তু তেওঁ ওচৰৰ তীৰ্থস্থানলৈ গৈ পোৱা নাছিল। সেই বাবে পৰিকল্পনা গ্ৰহণ কৰি মই মাৰ মনৰ আশা পুৰণ কৰাৰ বাবে চেষ্টা কৰিছিলো,’’ নিজৰ ভ্ৰমণ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি কুমাৰে কয়।

এই কাৰ্য্যৰ দ্বাৰা তেওঁ দেশৰ যুৱ প্ৰজন্মক কেনেদৰে নিজৰ মাতৃ আৰু পিতৃৰ আশাৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব লাগে সেই সম্পৰ্কে এক বৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰে বুলিও উল্লেখ কৰে।

ভ্ৰমণৰ সময়ত ব্যৱহাৰ কৰা ২০ বছৰ পুৰণি বাজাজ চেতক স্কুটাৰখন তেওঁক পিতৃয়ে দিয়া উপহাৰ আছিল বুলিও কুমাৰ জনায়।

উত্তৰ-পূবৰ ভ্ৰমণ কৰি কুমাৰে উত্তৰ-পূবৰ জনসাধাৰণ অতি মৰমীয়াল বুলি উল্লেখ কৰাৰ লগতে অতিথি পৰায়ন বুলি কয়।

Related News