NORTHEAST NOW (Assamese)

পৌৰ নিগমৰ নিৰ্বাচন সাত বিহুৰ পিছত অনুষ্ঠিত কৰাৰ আহ্বান অগপৰ

March 26, 2022 7:13 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

পৌৰ নিগমৰ নিৰ্বাচন বাপতিসাহোন ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি অসম গণ পৰিষদ দলে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছে।

আজি দলৰ সাধাৰণ সম্পাদকদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই এই সম্পৰ্কত এখনি পত্ৰ ৰাজ্যিক নিৰ্বাচনী আয়োগক প্ৰদান কৰে।

ৰাজ্যবাসীৰ লগতে গুৱাহাটী মহানগৰবাসীয়েও জাতীয় উৎসৱ ৰঙালী বিহু উদযাপন কৰা আৰু ৰঙালী বিহুৰ আনন্দৰ লগত জড়িত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ প্ৰথম সাত টা দিনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি আহ্বান জনাইছে।

Related News