NORTHEAST NOW (Assamese)

জুবিনৰ মৃত‍্যু : কাৰ লগত কাৰ হলি গলি?

September 25, 2025 9:24 pm · পৰেশ মালাকাৰ
Updated: September 26, 2025 3:18 pm

স্বাভাৱিক অৱস্থাত সকলো কথা থাপি-থুপি থোৱা হয়, যাতে ক’তো কোনো খেলি-মেলি নহয়। সকলো স্বাভাবিকভাৱে চলি থাকে। কিন্তু হঠাৎ, যেতিয়া, এটা অস্বাভৱিক ঘটনা ঘটি যায় বা  দুৰ্ঘটনা ঘটে, তেতিয়া সকলোতে আউল লাগে, সকলো ওলট-পালট হৈ যায়। গোমাৰ ফাক হৈ যায়। এটা কথা আপোনালোকৰ মনত আছেনে? আজিৰ পৰা প্ৰায় ১৭/১৮ বছৰ আগৰ কথা, মানে ২০০৮/ ২০০৯ চনৰ, নীৰা ৰাডিয়া টেপৰ কথা মনত আছেনে আপোনালোকৰ? সেই যে ‘বৈষ্ণবী কমিউনিকেশ‍্যন’ৰ মুৰব্বী নীৰা ৰাডিয়া! তেওঁ তেতিয়া মূলতঃ তেতিয়া টাটা গ্ৰুপ আৰু ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ জনসংযোগৰ দায়িত্বত আছিল। সেই সময়ত বিভিন্ন জনৰ লগত হোৱা তেওঁৰ প্ৰায় ৫০০ টেলিফোনৰ কথোপকথন তেওঁ নজনাকৈ গোপনে বাণীবদ্ধ কৰা হৈছিল। যেতিয়া সেই গোপন কথোপকথন বোৰ ৰাজহুৱা কৰা হৈছিল তেতিয়া বহুতৰে ফাট মেলা বসুমতী পাতালে লুকাও অৱস্থা হৈছিল। সেই টেপবোৰত কি আছিল? তাৰ পৰা  ওলাই পৰিছিল কেনেকৈ জনচক্ষুৰ আঁতৰত, ৰাজনীতিক, ঔদ‍্যোগপতি,  আমোলা, আৰু সাংবাদিকৰ ক্ষমতাচক্ৰই কাম কৰে। কাৰ লগত কাৰ সম্পৰ্ক ? আনকি তেওঁলোকৰ মাজৰ নিবিড় ব‍্যক্তিগত সম্পৰ্কৰ কথাও ফাদিল হৈছিল। ইমান বছৰৰ মূৰত মোৰ কিয় আজি নীৰা ৰাডিয়া টেপৰ কথাটো মনলৈ আহিল?

কালি সঞ্জীৱ নাৰায়াণে প্ৰশান্ত ৰাজগুৰুক কাষত বহুৱাই নিজৰ চাফাই দি থাকোঁতে কথাৰ মাজতে কি কৈছিল শুনিছিলনে? তেওঁ কৈছিল শ‍্যামকানুৰ নৰ্থ-ইষ্ট ফেষ্টিভেলত হেনো পাঁচজন মুখ‍্যমন্ত্ৰী, পৱিত্ৰ মাৰ্ঘেৰিতা, জ‍্যোতিৰাদিত‍্যৰ  দৰে কেন্দ্ৰীয় মন্ত্ৰী আৰু বহু বিশিষ্ট লোকে যোগদান কৰাৰ কথা আছিল। মুখ‍্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী, চিংগাপুৰৰ মন্ত্ৰী আৰু কত কি? শ‍্যামকানু মহন্তইতো কৈছিলেই জুবিনৰ দুৰ্ঘটনাটো হোৱাৰ সময়ত তেওঁ ব‍্যৱসায়িক লেন-দেনত ব‍্যস্ত থকাৰ কথা। মানে নীৰা ৰাডিয়া টেপৰ দৰে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত নহয়? এতিয়া কথা ওলাইছে জুবিনৰ শোকত এইফালে অসম শোকদগ্ধ হৈ থাকোঁতে সেইফালে বোলে চিংগাপুৰৰ নৰ্থ-ইষ্ট ফেষ্টিভেলত নিশিতা গোশ্বামীৰ এংকৰিঙত ফেচন চো চলি আছিল। তাত ৰিণিকী ভূঞাৰ নামো ওলাইছে। সঁচা-মিছা আমি নাজানো। বজাৰত ওলোৱা কথাটোহে কৈছোঁ। বজাৰত ওলোৱা কথা না আমি হা বুলিব পাৰোঁ না আমি না বুলিব পাৰোঁ! তালৈ যোৱা বা যাম বুলি ভাবি থকা মানুহ বোৰৰ চাগে এতিয়া জুবিনৰ ওপৰতে খং! জুবিনৰ মৃত‍্যুৱে গোটেইখন পণ্ড কৰি দিলে। তেওঁলোকৰ যে কেৱল  মৌজ মস্তিয়ে পণ্ড হৈ গ’ল এনে নহয় তেওঁলোকৰ কিছুমানৰ নাম জুবিনৰ মৃত‍্যুৰ লগত আওপকীয়াকৈ আৰু কিছুমানৰতো পোনপটীয়াকৈয়ে সাঙোৰ খাই পৰিল। যি নৰ্থ-ইষ্ট ফেষ্টিভেলৰ লগত এসময়ত সংযুক্ত হ’ব পৰাটোৱে মৰ্যাদাকৰ কথা আছিল,  সেই নৰ্থ-ইষ্ট ফেষ্টিভেলৰ কথা ওলালেই কিছুমানৰ এতিয়া দিনতে ভূত দেখাৰ দৰে অৱস্থা । সঞ্জীৱ নাৰায়ণকে আদি কৰি প্ৰায় সকলোৱে এতিয়া  কৈ আছে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ তেওঁলোক ভিতৰৰ মানুহ নাছিল, তেওঁলোক ফেষ্টিভেলৰ  সংগঠকসকলৰ এজন নাছিল।এতিয়া সকলোৱে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ লগত সম্পৰ্ক নথকাটোহে দেখুৱাব বিচাৰিছে। শ‍্যামকানুৱেতো জুবিনক মতা নাছিল বুলিও কৈ দিলে। জুবিনে হেনো নিজেহে গৈছিল তালৈ। এইবোৰ দেখি -শুনি চাগে খঙতে শ‍্যামকানুৱে  দাঁত কৰচি নিজকে নিজে কৈছে, “মৌজ মস্তি কৰাৰ বাবে তহঁতে মোক কেনেকৈ লেন ছেলাই আছিলি আৰু এতিয়া মই যেতিয়া ফচি গ’লোঁ তহঁত সকলো, মোক অথাই সাগৰত পেলাই থৈ  আঁতৰি গ’লি!” আপোনালোকে এতিয়া এওঁলোকৰ  কোনো এজনক কোৱা শুনিছেনে, “ অঁ, মই নৰ্থ-ইষ্ট ফেষ্টিভেলৰ ব‍্যৱস্থাপনাৰ লগত জড়িত আছিলোঁ । যি হ’ল তাৰ কাৰণে ময়ো দায়ী।” আছেনে এই সকলৰ কাৰবাৰ তেনেকৈ কোৱাৰ সৎ সাহস! আচলতে কি হৈছে?

জুবিন গাৰ্গৰ মৃত‍্যুৱে আমাৰ সন্মুখত দুটা মেৰুবিভাজন স্পষ্ট কৰি দিছে। এই মেৰু দুটাৰ  এফালে আছে নীৰা ৰাডিয়া টেপৰ লগত যুক্ত হৈ পৰাৰ দৰে ৰাজনীতিক, ঔদ‍্যোগপতি,  আমোলা, আৰু সাংবাদিকৰ এক ক্ষমতাচক্ৰ। কিয় সঞ্জীৱ নাৰায়ণে কোৱা নাছিল কেন্দ্ৰীয় মন্ত্ৰী, পাঁচ ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰীৰ কথা!  আৰু আমাৰ সেই চিনাকি বিখ‍্যাত মুখবোৰ।মুখাৰ দৰে মুখ বোৰ!  মুখ‍্যমন্ত্ৰীৰ লগত উৰাজাহাজত উঠা শ‍্যামকানুৰ সেই কোটি টকীয়া ছৱিখনৰ কথা আপোনালোকৰ মনত নাই নেকি? কিয় আপোনালোকে ‘ৰঙালী’ৰ এই ছৱিখন আৰু এই কথাবোৰ পাহৰি গ’ল নেকি? আৰু আনটো ফালে আছে অনামী জনতা। গোটেই পয়মালটো লগাইছে এই অচিনাকি অনামী জনতাই। তেওঁলোকে জুবিনক একোৰে বিনিময়ত ভালপোৱা নাছিল। তেওঁলোক জুবিনৰ খ‍্যাতিৰ বেপাৰী নাছিল। তেওঁলোকে জুবিনৰ গান শুনি ভাল পাইছিল।তেওঁলোক কেৱল জুবিনৰ গুণমুগ্ধ শ্ৰোতা আছিল।তেওঁলোক অবিহনে জুবিন শূন্য।তেওঁলোক আছিল জুবিনৰ গানৰ প্ৰেৰণা। এই অনামী অচিনাকি সমূহেই জুবিনক জীয়াই ৰাখিছিল। তেওঁলোকৰ লগত জুবিনৰ কোনো ব‍্যক্তিগত চিনাকি নাছিল। নাছিল কোনো ব‍্যৱসায়িক লেন-দেন।তেওঁলোকে জুবিনৰ লগত একে লগে মদো খোৱা নাছিল।অঁ তেওঁলোকৰ মাজৰে এচামে জুবিনৰ গীতৰ সভাত কেতিয়াবা উদ্ভাণ্ডলি কৰিছিল।কৰিবই পাৰে। সাধাৰণ জনতা আমাৰ দৰে ইমান শালীন, শিষ্ট নহয়। ৰূঢ়, কৰ্কশ জীৱনে কেতিয়াবা তেওঁলোকক উন্মাদ, উদভ্ৰান্ত কৰি তোলে।তেওঁলোক বিদ্ৰোহী হৈ পৰে। জুবিন আৰু তেওঁলোকৰ মাজৰ যোগসূত্ৰটো সেইটোৱেই।

আজি ৰাজপথত উন্মাদৰ দৰে যদি তেওঁলোকে জুবিনৰ মৃত‍্যুৰ ন‍্যায় নিবিচাৰিলেহেঁতেন আজি গোটেইখন যেনেকৈ থৰক-বৰক হৈছে সেইটো নহ’লহেঁতেন।কিন্তু সমস‍্যা এটাই-এই অচিনাকি সমূহটো হ’ল অসংগঠিত। এতিয়া ক্ষমতাশালী চক্ৰটোৱে চল চাই আছে। এই সমূহটো শান্ত হ’লেই তেওঁলোকে জুবিনৰ মৃত‍্যুৰ অনুসন্ধান ফুচফাচ কৰি থৈ দিব পাৰিব। কিয়নো সেই ‘ৰঙালী’ৰ চক্ৰটোৰে যিসকলক আমি মঞ্চত দেখিছিলোঁ আৰু যিসকলৰ সহায়ত তেওঁলোকে মঞ্চত উঠি ৰাজহুৱাকৈ মাতলামি প্ৰদৰ্শন কৰাৰ সাহস পাইছিল তেওঁলোকেই জুবিনৰ মৃত‍্যুৰ বাবে পোনপটীয়া আৰু আওপকীয়াকৈ জড়িত।

Related News