NORTHEAST NOW (Assamese)

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নাগ্ৰীজুলি খণ্ডৰ উদ্যোগত বিজ্ঞানৰ নমুনা, চিত্ৰাংকন, আকস্মিক বক্তৃতা প্ৰতিযোগিতা

December 5, 2021 9:03 am · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নাগ্ৰীজুলি খণ্ডৰ উদ্যোগত নাগ্ৰীজুলিস্থিত শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়ত শনিবাৰে বিজ্ঞানৰ নমুনা প্ৰস্তুতি, চিত্ৰাংকন, আকস্মিক বক্তৃতাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

ছাত্র-ছাত্ৰীৰ মাজত লুকাই থকা সৃষ্টিমূলক প্ৰতিভা বিকাশৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, লতিবাৰী শংকৰদেৱ বিদ্যা নিকেতন, কাউলি হাইস্কুল, শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰে।

Also Read: Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নাগ্ৰীজুলি খণ্ডৰ সমন্বয়ক বিষ্ণুৰাম মেধিৰ তত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠান পৰিচালনাত সহায় সহযোগ কৰে খাটৰবাৰী হাইস্কুলৰ জেষ্ঠ্য শিক্ষক ৰবেন ৰাভা, কামেশ্বৰ দৈমাৰীৰ উপৰিও শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে।

অনুষ্ঠানৰ অন্তত বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজত উদ্গনিমুলক বঁটাসমূহ বিতৰণ কৰা হয়।

Related News