NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীৰ সৈতে হোৱা ভিডিও কনফাৰেন্সত দুসপ্তাহ লকডাউন বৃদ্ধিৰ পোষকতা সোণোৱালৰ

May 15, 2020 1:38 pm · কল্পজ্যোতি শইকীয়া
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

কৰ’নাৰ বিৰুদ্ধে যুঁজত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি সদৰী কৰি প্ৰশংসাৰে উপচাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদমেল সম্বোধন কৰে।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল সম্বোধন কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।

মুখ্য মন্ত্ৰীয়ে কয় যে কৰোনা ভাইৰাছে মানৱ সমাজৰ ওচৰত প্ৰত্বাহ্বান সৃষ্টি কৰাৰ সময়ত দেশবাসী কৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে থিয় হৈছে।

তেওঁ কয়,‘’দেশত আৰ্থিক সমস্যা হৈছে যদিও ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে চেষ্টা কৰিছে।‘’

মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজক প্ৰসংশা কৰি ইয়াৰ পৰা অসমবাসীয়ো উপকৃত হ’ব বুলি কয়।

প্ৰধানমন্ত্ৰীৰ সময়োচিত পদক্ষেপে দেশবাসীক কৰোনাৰ পৰা ৰক্ষা কৰিলে বুলি মন্তব্য কৰে সোণোৱালে।

‘’এই দুৰ্দিনৰ সময়ত তেওঁ দৰিদ্ৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয়। তেওঁ দৰিদ্ৰৰ বন্ধু হিচাপে বিপদত থিয় দিছে’’-তেওঁ কয়।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয়, ‘’অসমৰ ৩ কোটি এনে লোক উপকৃত হব। ৮ কোটি ৰেচন নথকা লোকলৈ বিনামুলীয়া চাউল দিয়া হৈছে। অসমৰ ৪৪ লাখ পৰিয়ালকো বিনামুলীয়া চাউল দিয়া হৈছে।‘’

‘’বিদেশী বিনিয়োগকাৰীক আদঁৰণি জনাবলৈও কেন্দ্ৰলৈ অনুৰোধ প্ৰেৰণ কৰা হৈছে। যিবোৰ উদ্যোগত পি এফৰ সমস্যা আছিল সেই উদ্যোগৰ মালিক-শ্ৰমিকৰ ১২ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ এই আচঁনিৰ পৰা লাভান্বিত হ’ব,’’-তেওঁ কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে  ১৯৫২ চনৰ পিচত প্ৰথম বাৰৰ বাবে এনে দুৰ্যোগ আহিছে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ভিডিও কনফাৰেন্সত ৰাজ্যৰ বাবে অৰ্থনৈতিক সহায় বিচৰা হৈছিল।

তেওঁ বাহিৰৰ পৰা অহা শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে যে অসম চৰকাৰ তৰফৰ পৰা পুনৰ ১৪ দিন অসমত লকডাউন বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে ইয়াৰ মাজতে কৃষক সন্মান নিধি কেলেংকাৰিৰ তদন্ত চলি আছে বুলিও জানিবলৈ দিয়ে।

Related News