NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি; গুৰু দায়িত্ব লৈ গুৱাহাটীত আই পি এছ বিষয়া জি পি সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 12:38 pm
ৰাজ্যৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি; গুৰু দায়িত্ব লৈ গুৱাহাটীত আই পি এছ বিষয়া জি পি সিং

অসমৰ জনতাৰ প্ৰবল প্ৰতিবাদৰ স্বত্ত্বেও বুধবাৰে ৰাতি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছত সমগ্ৰ ৰাজ্যতে বৰ্তমান পৰিস্থিতি অস্থিৰ হৈ পৰিছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰীৰ উপৰি উজনি অসমৰ প্ৰায় সমূহ জিলাত সান্ধ্যআইন জাৰি কৰা হৈছে যদিও প্ৰতিবাদকাৰীক ৰাজপথলৈ ওলাই অহাত বাধা দি ৰাখিব পৰা নাই।

বুধবাৰে নিশা প্ৰতিবাদকাৰীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু পানীতোলা ৰে’ল ষ্টেশ্যন জ্বলাই দিয়াৰ লগতে এটা আৰ এছ এছ কাৰ্য্যালয়ত অগ্নি সংযোগ কৰে।

আজি পুৱা ডিব্ৰুগড়ত মুখ্য মন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিবলৈ যোৱা প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াৰ বাবে আৰক্ষী-সেনায়ে লাঠীচাৰ্জৰ লগতে গুলীচালনা কৰে।

ইফালে বৰ্তমান অহা খবৰ মতে তিনিচুকীয়াত অগপ কাৰ্য্যালয় ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে।

কেন্দ্ৰই সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই পি এছ বিষয়া জি পি সিঙক গুৰু দায়িত্ব দি অসমলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে সিং অসম আহি পাইছে।