NORTHEAST NOW (Assamese)

অসমৰ সাঁতোৰ প্ৰশিক্ষকৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

May 21, 2023 7:37 am · এড্রিনা বৰা
প্ৰতিনিধিত্বমূলক ফটো।

উত্তৰ লখিমপুৰ জিলাৰ ছোলাল গাওঁত থকা ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ (SAI) প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈসকলে ভাৰপ্ৰাপ্ত বিষয়া তথা সাঁতোৰ প্ৰশিক্ষক মৃণাল বসুমতাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ (এফআইআৰ) দাখিল কৰিছে।

ছাইয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১৯ মে’ত গুৱাহাটীৰ পল্টন বজাৰ থানাত এখন এফআইআৰ দাখিল কৰা বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: ড্ৰাগছ আসক্ত বা সৰবৰাহকাৰীৰ মৃত্যু হ’লে কবৰ দিব নোৱাৰিব; অসমৰে এক অঞ্চলৰ দৃষ্টান্তমূলক সিদ্ধান্ত

ছাইৰ প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে, “যিহেতু ছাইয়ে যৌন নিৰ্যাতনৰ গোচৰৰ প্ৰতি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে, সেয়ে আমাৰ খেলুৱৈসকলৰ ন্যায় প্ৰদান কৰাটো যাতে নিশ্চিত কৰিব পৰা যায় তাৰ বাবে একে নীতি অনুসৰণ কৰা হ’ব।”

প্ৰেছ বিজ্ঞপ্তি অনুসৰি, গুৱাহাটীৰ ছাই, ৰিজিঅ’নেল চেণ্টাৰ নিউ ফিল্ড স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা বাছনি পৰীক্ষাৰ সময়ত ছোলাল গাওঁৰ ছাই ট্ৰেইনিং চেণ্টাৰৰ একাংশ খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকে এই বিষয়টো প্ৰথম উত্থাপন কৰিছিল।

লগতে পঢ়ক: Vespa New Scooter: সস্তাতে সুন্দৰ স্কুটাৰ আনিছে ভেস্পাই; কাৰুকাৰ্য দেখিলেই ভোল যাব মন!

পিছত বিষয়টো গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰৰ আভ্যন্তৰীণ সমিতিলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকে ইতিমধ্যে কাৰ্য্য প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অতি সোনকালে প্ৰতিবেদন দাখিল কৰিব।

ইপিনে, পল্টন বজাৰ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে যদিও তেওঁলোকে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related News