NORTHEAST NOW (Assamese)

মাজুলীৰ ৰাসক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠাৰ বাবে অসম পৰ্যটন বিভাগৰ বিশেষ উদ্যোগ; স্থানীয় নাগৰিকৰ ল’লে পৰামৰ্শ

September 17, 2019 9:04 pm · মিটু খাটনিয়াৰ
মাজুলীৰ স্থানীয় নাগৰিকৰ সৈতে অসম পৰ্যটন বিভাগৰ বৈঠক

মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়াক বিশ্ব মজিয়াত প্ৰতিষ্ঠা কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে অসম পৰ্যটন উদ্যোগে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগ্ৰহত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে মাজুলীৰ ৰাসলীলা আৰু নলবাৰীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত অসম পৰ্যটন বিকাশ নিগম (এটিডিচি)ৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা আৰু অসম পৰ্যটনৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰই মঙলবাৰে মাজুলীলৈ আহি জিলাখনৰ ৰাস মঞ্চ সমূহৰ উদ্যোক্তা, স্থানীয় নাগৰিক সমাজৰ প্ৰতিনিধি বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয়।

মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকত মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় চিন্ময় নাথ, উৎপল দলে, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া ড০ প্ৰকাশ কাশ্যপ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে অংশগ্ৰহণ কৰে।

বৈঠকত ৰাসমঞ্চ সমূহৰ সভাপতি-সম্পাদকসকলৰ লগতে আছু, টিএমপিকে, আক্ৰাছু সহ মাজুলীৰ একাধিক ছাত্ৰ সংগঠন, জিলা সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, সাহিত্য সভা আদিৰ প্ৰতিনিধিসকলে অংশ লয়।

বৈঠকত এটিডিচিৰ অধ্যক্ষ বৰুৱাই চলিত বৰ্ষৰ পৰা মাজুলী আৰু নলবাৰীৰ ৰাস মহোৎসৱক অসম পৰ্যটন বিকাশ নিগমে বিশেষ পৃষ্ঠপোষকতা আগবঢ়াই দেশ-বিদেশৰ পৰ্যটকৰ আগত তুলি ধৰিবলৈ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে।

মাজুলীত অহা ১১, ১২, ১৩ আৰু ১৪ নৱেম্বৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়াৰ বিষয়ে অসম পৰ্যটনৰ ফালৰ পৰা প্ৰায় এমাহ আগৰে পৰা ৰাষ্ট্ৰীয় স্তৰত বিশেষ প্ৰচাৰ চলোৱাৰ লগতে নতুন দিল্লী, মুম্বাই, কলকাতা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আৰু বৰঝাৰ বিমান বন্দৰতো পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ মাজুলীৰ ৰাসৰ দৃষ্টিনন্দন প্ৰচাৰ চলোৱা হব বুলি অধ্যক্ষ গৰাকীয়ে জনায়।

ৰাস মহোৎসৱৰ দিনকেইটাত মাজুলীৰ ৰাসলীলা দৰ্শনৰ বাবে বাহিৰৰ পৰা আহিব লগা পৰ্যটক সকলৰ বাবে এটিডিচিৰ উদ্যোগত গুৱাহাটীৰ পৰা নিমাতীঘাটলৈ আৰু তিনিচুকীয়াৰ পৰা বগীবিল দলং হৈ ঢকুৱাখনাৰে মাজুলীলৈ বিশেষ পেকেজৰ এ এছ টি চি বাছসেৱাৰো ব্যৱস্থা কৰা হ’ব বুলি জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে।

একেদৰে মাজুলীতো বিভিন্ন অংশৰ ৰাসমঞ্চ সমূহলৈ পৰ্যটক তথা দৰ্শক ৰাইজ অহা-যোৱা কৰাৰ সুবিধাৰ্থে ৰাসৰ চাৰি দিনত নিশাও আধা ঘণ্টাৰ মূৰে মূৰে এ এছ টিচি বাছসেৱাৰ ব্যৱস্থা কৰিব এটিডিচিয়ে।

আনহাতে, পৰ্যটক তথা ৰাস চাবলৈ বাহিৰৰ পৰা মাজুলীলৈ আহিবলগা ৰাইজৰ সুবিধাৰ্থে নিমাতীঘাট, কমলাবাৰী পাৰঘাট, ডিব্ৰুগড়-ধেমাজি-লখিমপুৰৰ পৰা  ঢকুৱাখনা হৈ  মাজুলীলৈ প্ৰবেশ পথৰ মাৰ দেউৰীৰ লগতে বিহপুৰীয়াৰ ধুনাগুৰি ঘাটৰ দিশত বালিচাপৰিত চাৰিটা ৰাস বিষয়ক পৰ্যটক তথ্য কেন্দ্ৰ মুকলি কৰিব পৰ্যটন বিভাগে।

Related News