NORTHEAST NOW (Assamese)

PUBG প্ৰেমীলৈ দুঃখবৰ: আজিৰে পৰা মোবাইল ফোনত উপলব্ধ নহ’ব PUBG গেম

October 30, 2020 3:06 pm · এন ই নাও নিউজ

মোবাইল ফোনত PUBG খেলাসকলৰ বাবে আহিছে এক দুঃখবৰ।

আজিৰে পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা কোনো মোবাইল ফোনতে উপলব্ধ নহ’ব  PUBG গেম।

PUBG কৰ্তৃপক্ষই  এই কথা প্ৰকাশ কৰিছে। PUBG কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি  মোবাইল লাইটতো আজিৰে পৰা এই গেম উপলব্ধ নহ’ব।

এনে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবে কোম্পানীটোৱে দুখ প্ৰকাশ কৰিছে।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাছিল।

সম্প্ৰতি চীনৰ  Tencent, কোম্পানীয়ে পৰিচালনা কৰি থকা  PUBG  এপটো ভাৰত চৰকাৰে তথ্য-প্ৰযুক্তি আইনৰ অধীনত  ৬৯ ক ধাৰাৰ অধীনত ২ ছেপ্তেম্বৰৰ পৰা নিষিদ্ধ কৰিছিল।

কিন্তু ইয়াৰ পিছতো বহু মোবাইল ফোনত এই এপটো সুন্দৰ ভাবে চলি আছিল। এতিয়াৰে পৰা  PUBG কোম্পানীয়ে মোবাইল ফোনত এই এপৰ  কাৰ্যকাৰীতা বন্ধ কৰি দিয়াৰ ফলত কোনেও এই এপত গেম খেলিব নোৱাৰিব।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে শীঘ্ৰে চীনৰ Tencent কোম্পানীৰ সৈতে PUBG –এ চুক্তি বাতিল কৰিব আৰু ভাৰত চৰকাৰৰ  সৈতে নতুনকৈ চুক্তি কৰি ভাৰতত পুনৰ PUBG গেমৰ প্ৰচলন কৰিব বুলি প্ৰকাশ কৰিছে।

Related News