NORTHEAST NOW (Assamese)

বাংলাদেশত আঠজন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ড

February 10, 2021 7:46 pm · এন ই নাও নিউজ
Updated: February 10, 2021 7:48 pm

বাংলাদেশত বুধবাৰে ঢাকাৰ স্পেচিয়েল এণ্টি-টেৰ’ৰিজিম ট্ৰিব্যুনেলে আঠজন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। ইছলামিক উগ্ৰবাদীকেইজন ২০১৫ চনৰ ১৫ অক্টোবৰত ঢাকা চহৰৰ ফইজল আৰেফিন দিপান(৪৩)ক হত্যা কৰাৰ অভিযোগত অভিযুক্ত।

উল্লেখযোগ্য যে তেওঁলোকৰ উগ্ৰবাদৰ বলী হোৱা ফইজল আৰেফিন দিপান আছিল ঢাকা চহৰৰ এজন গ্ৰন্থ প্ৰকাশক। তেওঁৰ ‘জাগ্ৰিতী প্ৰকাশনী’ৰ পৰা প্ৰকাশ হোৱা নাস্তিকতাবাদী গ্ৰন্থৰ বাবে তেওঁ মৃত্যুৰ মুখামুখি হয়।

ইয়াৰ পূৰ্বেও ২০১৫ চনত নাস্তিকতাবাদী লিখক অভিজিৎ ৰয় আৰু ২০১৬ চনত এক্টিভিষ্ট-ব্লগাৰ নাজিমুদ্দিন ছামাদক উগ্ৰবাদীসকলে হত্যা কৰিছিল। তদুপৰি প্ৰখ্যাত সাহিত্যিক হুমায়ুন আজাদকো উগ্ৰবাদীসকলে হত্যা কৰাৰ অভিযোগ আছে।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে ইতিমধ্যে তেওঁলোকৰ হত্যাকাৰীসকলক চিনাক্ত কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।

Related News