NORTHEAST NOW (Assamese)

Beltola couple murder case:কেনেকৈ অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল বেলতলাৰ বৃদ্ধ দম্পতীক?

October 27, 2021 3:46 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: October 27, 2021 5:18 pm

বেলতলাৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।

বেলতলা চন্দননগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীৰ।

ঘটনাস্থলীত উদ্ধাৰ আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট। আকাশে গ্ৰীল ভঙা বুলি কোৱা গ্ৰীলখনতে আকাশৰ ফিঙগাৰ প্ৰিন্ট লাভ কৰিছে ফৰেণ্সিক দলে।

ফৰেণ্সিক দল, CID আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই নিছে বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ।

ইতিমধ্যে, দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আকাশ চৌধুৰীক।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ 458,380,302 ধাৰাত 3900/21 নম্বৰত ৰুজু হৈছে গোচৰ

কিন্তু অধিক ৰহস্যঘন হৈ পৰিছে গুৱাহাটীৰ চন্দন নগৰৰ হত্যাকাণ্ড।

আৰক্ষীৰ মাৰাথান জেৰাৰ পাছতো এই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নহয় বুলিয়েই কৈ আছে। সংবাদ মাধ্যমকো তেওঁ জড়িত নহয় বুলি উল্লেখ কৰিছিল।

ইপিনে, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে এতিয়ালৈ ৪ জন লোকক আটক কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰিছে।

কালি গ্ৰেপ্তাৰ হৈছিল বৃদ্ধ দম্পতিৰ কেয়াৰটেকাৰ আকাশ চৌধুৰী। লগতে আৰক্ষীয়ে আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো সোধা-পোচা অব্যাহত ৰাখিছে।

ইপিনে কালি নিশা আন দুজন লোকক মহানগৰ আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোকদুজন বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়া নামৰ এজন অটোচালক।

দুয়োজনে আকাশ চৌধুৰীৰ সৈতে সেইনিশা সুৰাপান কৰিছিল বুলি জানিব পৰা গৈছে।

কালিও মহানগৰ আৰক্ষীয়ে সত্যন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ দুজন লোকক আটক কৰিছিল।

আকাশ চৌধুৰীৰ কল ডিটেইলচৰ আধাৰত এই লোকদুজনক আৰক্ষীয়ে আটক কৰিছিল।

ইপিনে আজি আৰক্ষীয়ে অভিযুক্ত আকাশ চৌধুৰীক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়।

আদালতে আকাশ চৌধুৰীক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

Related News