NORTHEAST NOW (Assamese)

BJP-JDU Rift: বিহাৰৰ ৰাজনীতিত আলোড়ন; বিজেপিৰে দূৰত্ব বৃদ্ধিৰ মাজতেই ছোনিয়া গান্ধীলৈ ফোন নীতিশ কুমাৰৰ

August 8, 2022 9:49 am · এন ই নাও নিউজ, গুৱাহাটী

Bihar CM Nitish Kumar talks with Sonia Gandhi বিজেপিৰ সৈতে ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে নীতিশ কুমাৰৰ। এনে পৰিস্থিতিৰ মাজতে নীতিশৰ এটা ফোন কলৰ বাবে বিহাৰত চৰকাৰৰ পতনৰ জল্পনা-কল্পনা আৰম্ভ হৈছে। জানিব পৰা মতে নীতিশ কুমাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে। এনে কাৰণতে চৰকাৰ পৰিৱৰ্তনৰ অনুমানো আৰু তীব্ৰতৰ হৈ পৰিছে।

বাতৰি অনুসৰি, নীতিশ কুমাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব বিচাৰিছে। ইপিনে, নীতিশে তেওঁৰ দলৰ বিধায়কসকলৰ এখন বৈঠকো আহ্বান কৰিছে। কংগ্ৰেছ আৰু আৰজেডিয়েও পৃথক বৈঠক অনুষ্ঠিত কৰিবলৈ গৈ আছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকালৈ পশ্চিমবংগ চিআইডিয়ে কিয় জাৰি কৰিলে চমন?

উক্ত কাৰকবোৰৰ বাবেই নীতিশৰ শিবিৰ পৰিৱৰ্তনৰ অনুমান অধিক শক্তিশালী হৈ ধৰা দিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও নীতিশে বিজেপি ত্যাগ কৰি কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ সমৰ্থনত চৰকাৰ চলাইছিল।

২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে নীতিশৰ দলতকৈ অধিক আসন লাভ কৰিছিল যদিও বিজেপিয়ে নীতিশকে মুখ্যমন্ত্ৰী পদত বহুৱায়। কিন্তু লাহে লাহে দুয়োটা দলৰ মাজৰ মতানৈক্য মুকলিকৈ ওলাই আহে। কেন্দ্ৰত আৰচিপি সিঙক মন্ত্ৰিত্ব দিয়াৰ পিছত পৰিস্থিতি আৰু জটিল হৈ পৰে।

লগতে পঢ়ক: বিজেপিৰ পষেকজোৰা ত্ৰিৰংগা পতাকা উত্তোলনৰ বিৰোধিতা অখিল গগৈৰ; পুনৰ কা-আন্দোলনৰ বাবে সাজু ৰাইজৰ দল

এসময়ত নীতিশৰ ঘনিষ্ঠ আৰচিপিক কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰিত্ব প্ৰদান কৰা হয়। কিন্তু নীতিশে সেইটো বিচৰা নাছিল। জেডিইউয়ে এনে পৰিস্থিতিত আৰচিপিক ৰাজ্যসভাৰ টিকট নিদিলে যাৰ বাবে তেওঁ মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰে। এতিয়া তেওঁ বিজেপিত যোগদান কৰাৰ বিষয়েও জল্পনা-কল্পনা চলি আছে।

ইপিনে, দেওবাৰে নীতিশ কুমাৰৰ দল জনতা দল ইউনাইটেডে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় কেবিনেটত তেওঁলোকৰ কোনো প্ৰতিনিধিত্ব নাথাকে। ফলস্বৰূপে মিত্ৰতা ভংগৰ সম্ভাৱনা অধিক গভীৰ হৈ পৰিছে।

লগতে পঢ়ক: Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজীৱ ৰঞ্জন সিঙে কয় যে আৰচিপি সিঙৰ প্ৰস্থান প্ৰত্যাশিতই আছিল। তেওঁৰ শৰীৰটো এঠাইত আছিল যদিও মনটো আন এঠাইত আছিল।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা নীতি আয়োগৰ বৈঠকত অনুপস্থিত থাকে নীতিশ কুমাৰ। ইয়াকলৈও চৰ্চা আৰম্ভ কৰিছে।

তদুপৰি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ চি পি সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। দলে এই সম্পৰ্কত তেওঁক  কৈফিয়ৎ তলব কৰিছিল। তাৰ পিছতে তেওঁ জেডিইউ ত্যাগ কৰে।

লগতে পঢ়ক: টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

নীতিশ কুমাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰচিপিৰ বিৰুদ্ধে তদন্তৰ ইংগিত দিছে। এই সকলোবোৰ ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ মাজতে বিহাৰৰ ৰাজনীতিয়ে যেন পট পৰিৱৰ্তন ইংগিতকেই দাঙি ধৰিছে!

Related News