• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
August 8, 2022 7:42 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Anti-corruption drive প্ৰায় প্ৰতিদিনেই আৰক্ষী তথা দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈছে একাধিক ঘোচখোৰ বিষয়া-কৰ্মচাৰী ৷ ইয়াৰ পিছতো যেন সংশোধন নহ’ল একাংশ বিষয়া কৰ্মচাৰীৰ চৰিত্ৰ ৷ উৎকোচৰ নামত সহজ সৰল জনতাক প্ৰৱঞ্চনা কৰি লালায়িত হোৱা এই সকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে সেয়েহে অধিক তৎপৰ হৈ উঠিছে তদাৰকী তথা দুৰ্নীতি নিবাৰক শাখা।

বিভাগটোৰ শেন দৃষ্টিৰ পৰা যেন কাৰো নিস্তাৰ নাই। তদাৰকী তথা দুৰ্নীতি নিবাৰক শাখাৰ তৎপৰতাৰ মাজতে এইবাৰ উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল খোদ আৰক্ষী বিষয়া। উৎকোচ লৈ আৰক্ষী থানাৰ ভিতৰতে হাতে-লোটে ধৰা পৰিল গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক চবিন পাল দাস।

লগতে পঢ়ক: টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

Apply Now

দীৰ্ঘদিন ধৰি গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত বিভিন্ন লোকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল এএছআই চবিন পাল দাসৰ বিৰুদ্ধে ৷ অৱশেষত দেওবাৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰে এএছআই চবিন পাল দাস।

জানিব পৰা মতে, কঠালগুৰিৰ ছাহাদত আলী নামৰ লোক এজনৰ পৰা দেওবাৰে এক গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত নগদ ৩৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে-লোটে ধৰে এএছআই চবিন পাল দাসক।

ঘটনা সন্দৰ্ভত ছাহাদত আলীৰ ভায়েক কহিনুৰ ইছলামে জনোৱা অনুসৰি ফেচবুকত কিবা এখন ফটো ভাইৰেল হোৱা সংক্ৰান্তত গোচৰ ৰুজু হোৱা বুলি তেওঁলোকক থানালৈ মাতি আনি জনাইছিল এএছআই চবিন পাল দাসে।

লগতে পঢ়ক: মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

এই ঘটনাটো নিষ্পত্তি কৰি দিয়াৰ বাবদ ছাহাদত আলীৰ পৰা নগদ ৩৫ হেজাৰ টকা দাবী কৰে এএছআই চবিন পাল দাসে। ইয়াৰ অন্যথা তেওঁলোক জে’লত যাব লাগিব বুলি ভাবুকি প্ৰদান কৰে এএছআই জনে।

ইপিনে, এই সমস্ত কথা নিজৰ মোবাইলত বাণীবদ্ধ কৰে ভায়েক কহিনুৰ ইছলামে  আৰু আৰক্ষী বিষয়াজনক দেওবাৰে টকা আদায় দিয়াৰ সময় লৈ কহিনুৰ ইছলামে সমগ্ৰ ঘটনাটো গুৱাহাটীস্থ দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষকক অৱগত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত অতি কৌশলেৰে চবিন পাল দাসক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই।

লগতে পঢ়ক: ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

উল্লেখ্য যে ধৃত চবিন পাল দাসে চাকৰিৰ পৰা অৱসৰ ল’বলৈ আৰু মাত্ৰ তিনি মাহ কাল বাকী আছিল ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য উদঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd