NORTHEAST NOW (Assamese)

বিশ্বনাথ জিলা দণ্ডাধীশে জিলাখনত জাৰি কৰিলে ১৪৪ ধাৰা : জৰুৰী সেৱাসমূহক ৰেহাই

May 20, 2020 4:49 pm · কাজী জেইদুল ইছলাম

কোভিদ-১৯ বা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জিলা খনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাত বিয়লি ৭ বজাৰ পাছত আৰু পুৱা ৭ বজালৈকে জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰা হৈছে।

আনহাতে ব্যক্তিগত যান বাহন তথা যাত্ৰীবাহী যান বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে।

অবশ্যে নিষেধাজ্ঞাৰ পৰা কেতবোৰ বিশেষ সেৱাক ৰেহাই দিয়াও হৈছে।

তৎকালীনভাৱে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞাৰ সময়ছোৱাত অবশ্যে জিলাখনৰ “কনটেইনমেন্ট জ’ন” আৰু “বাফাৰ জ’ন”ক বাদ দিহে কিছু বিশেষ সেৱাক ৰেহাই দিয়া হৈছে বুলি কোৱা হৈছে।

এই নিৰ্দেশ ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰা আৰু  ভাৰতীয় দণ্ড বিধিৰ ১৮৮ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ’ব।

সমগ্ৰ বিশ্বনাথ জিলাতে তৎকালীনভাৱে বলবৎ হোৱা এই নিৰ্দেশ ল’কডাউন অব্যাহত থকালৈকে বাহাল থাকিব বুলি কোৱা হৈছে।

Related News