NORTHEAST NOW (Assamese)

কমাৰগাঁওত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন

January 19, 2019 6:40 am · উত্তম শইকীয়া
শুকুৰবাৰে গোলাঘাট বন্ধৰ সময়ত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ। ফটো : নৰ্থইষ্ট নাও

গোলাঘাট জিলা চুতীয়া ছাত্র সন্থা,গোলাঘাট জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ পৰিষদে শুকুৰবাৰে আহ্বান জনোৱা গোলাঘাট জিলা বন্ধৰ প্ৰভাৱ বোকাখাত মহকুমাৰ অন্তৰ্গত কমাৰগাঁও অঞ্চলত বাৰুকৈয়ে পৰা দেখা যায়।

বন্ধৰ সময়ছোৱাত কমাৰগাওঁত ৩৭ নং ৰাষ্ট্ৰীয় পথত বহুতো যান বাহন আবদ্ধ হৈ পৰে ৷ কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই  ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি বিজেপি চৰকাৰ কাম নাই, সৰ্বানন্দ সোণোৱাল কাম নাই, নৰেন্দ্ৰ মোদী গ’ বেগ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে লগতে যোৱা ৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হোৱা অসম বন্ধৰ সময়ত গ্ৰেপ্তাৰ হোৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিটিৰ সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপ সভাপতি অসীম শইকীয়াক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী জনায়।

ইপিনে, বন্ধৰ মাজতে মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্রাকমুহূৰ্তত বিজেপি চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু তেওঁৰ লগত অহা বিজেপি নেতৃবৃন্দক কমাৰগাঁও অঞ্চলৰ পানিদিহিঙিয়াত কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা,কমাৰগাঁও আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবী জনায়।

Related News