NORTHEAST NOW (Assamese)

সুস্থ হৈ উঠা কৰ’না ৰোগীৰ প্ৰতি লিটাৰ তেজ বিক্ৰী হৈছে ১০ লাখ টকাত!

May 2, 2020 11:40 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ইন্টাৰেনেটৰ জৰিয়তে অবৈধভাৱে কৰ’নাৰ পৰা সুস্থ হৈ ৰোগীৰ তেজ বিক্ৰী কৰি থকা হৈছে। কৰ’নাৰ চিকিৎসা আৰু ভেকচিনৰ নামত ৰোগীৰ তেজ ডাৰ্কনেটত বিক্ৰী কৰি থকা হৈছে।

অষ্ট্ৰেলিয়ান নেশ্যনেল য়ুনিভাৰ্ছিটিৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

ডেইলী মেইলৰ বাতৰি অনুসৰি, গোটেই জীৱনৰ বাবে কৰ’নাৰ পৰা প্ৰতিৰোধ (Immune)তৈয়াৰ কৰাৰ দাবীৰে কৰ’না ৰোগীৰ তেজ লাখ টকাত বিক্ৰী কৰি থকা হৈছে। এনে এক লিটাৰ তেজৰ দাম হৈছে ১০ লাখ টকা।

আনহাতে, তেজৰ উপৰি অবৈধভাৱে পিপিই, মাস্ক, টেষ্ট কিটকে ধৰি আন সামগ্ৰীও অতি উচ্চ দৰত বিক্ৰী হৈ আছে।

অষ্ট্ৰেলিয়াৰ নেশ্যনেল য়ুনিভাৰ্ছিটিৰ প্ৰতিবেদনৰ মতে, কমেও ১২টা বেলেগ বেলেগ ডাৰ্কনেট মাৰ্কেটত এই সামগ্ৰীসমূহ বিক্ৰী কৰি থকা হৈছে।

ডাৰ্কনেটত এনেকুৱা দাবী কৰা হৈছে যে গোটেই বিশ্বতে কৰ’নাৰ চিকিৎসা কৰি থকা চিকিৎসকৰ জৰিয়তে পিপিই আৰু আন সামগ্ৰীসমূহ হাতলৈ আনিছে।

বিক্ৰেতাসকলে এই সামগ্ৰীসমূহ ভিন ভিন দেশত ডেলিভাৰি দিয়াৰ বাবে সাজু আছে। এনেকুৱা সামগ্ৰীৰ বেছিভাগেই আমেৰিকাৰ পৰা আৰু কিছু সামগ্ৰী য়ুৰোপ, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ পৰা পঠিওৱাৰ বাবে মজুত কৰা হৈছিল।

কৰ’নাৰ পৰা আৰোগ্য হৈ উঠা ৰোগীৰ প্লাজমাৰ দ্বাৰা আন ৰোগীৰ চিকিৎসাৰ কিছু তথ্য পোহৰলৈ আহিছে যদিও প্লাজমা থেৰাপিৰ বিপদো আছে আৰু ইয়াৰ ফলত লোকৰ মৃত্যুও হ’ব পাৰে। চিকিৎসকে বিশেষ পৰিস্থিতিতহে এই থেৰাপিৰ প্ৰয়োগ কৰি আহিছে।

প্ৰধান গৱেষক ৰোড ব্ৰডহৰ্ষ্টে কয় যে মহামাৰীৰ এই সময়ত কিছুমান লোকে অপৰাধমূলকভাৱে ধন ঘটিব লৈছে। এয়া আৰু বৃদ্ধি পাব পাৰে। সেয়েহে ইয়াক বন্ধ কৰিবলৈ কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন আছে।

তেওঁ কয় যে অসুৰক্ষিত ভেকচিন আৰু এন্টিভাইৰেল দৰৱো ডাৰ্কনেটত বিক্ৰী কৰি থকা দেখা গৈছে। বজাৰত অভাৱ ঘটা পিপিইৰ বিক্ৰীও বৃহৎ ৰূপত হৈছে।

Related News