NORTHEAST NOW (Assamese)

গুজৰাটৰ ৰাজপথত নাগালেণ্ডৰ বীৰাংগণা! যৌন নিৰ্যাতনকাৰীক কৰায়ত্ত কৰি গটালে আৰক্ষীক

November 21, 2020 11:52 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দীৰ্ঘদিনৰে পৰা গুজৰাটৰ আহমেদাবাদৰ এখন স্পা’ত কাম কৰি থকা নাগালেণ্ডৰ এগৰাকী যুৱতীয়ে সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে।

অভিযোগ অনুসৰি এজন ব্যক্তিয়ে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰি ‘থাইলেণ্ডৰ ছোৱালী’ বুলি মাতে। ৰাস্তাৰে গৈ থকা অৱস্থাতে সংঘটিত হয় ঘটনাটো।

পিচে, সেই যুৱতীগৰাকীয়ে সাহসিকতাৰ পৰিচয় দি দৌৰি গৈ অভিযুক্ত ব্যক্তিক ধৰি পেলায়। পাছত ঘটনাস্থলীত উপস্থিত হোৱা  ৰাস্তাৰ লোকৰ সহযোগত অভিযুক্তক কৰায়ত্ত কৰে।

কোহিমাৰ এই যুৱতীগৰাকীয়ে তেওঁৰ হ’বলগীয়া স্বামীৰ সৈতে আহমেদাবাদৰ ছেটেলাইট অঞ্চলত থাকে।

বাতৰি অনুসৰি, কামৰ পৰা ঘৰলৈ ওভতাৰ পথতে ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰিছে।

অভিযুক্ত চহৰখনৰ তুলসীমুখ অঞ্চলৰ ২৫বছৰীয়া ভিট্টল ৰাথোৰ। বুধবাৰে নিশা প্ৰায় ৯বাজি ৩০ মিনিটত ৰামদেবনগৰৰ সমীপত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলায়। যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে অভিযুক্তই হঠাতে পাছফালৰ পৰা আহি তেওঁৰ ভৰিৰৰ উপৰৰ অংশত সাৱটি ধৰে আৰু ‘থাইলেণ্ডৰ ছোৱালী’ বুলি কৈ থাকে।

পাছত অভিযুক্তই দৌৰি পলাবলৈ চেষ্টা কৰে যদিও যুৱতীগৰাকীয়ে দৌৰি পাছ লয়। যুৱতীগৰাকীয়ে ইয়াৰ লগে লগে চিঞৰি চিঞৰি ৰাস্তাৰ লোকসকলক অৱগত কৰে। যুৱতীগৰাকীক সহায় কৰিবলৈ কেইবাজনো লোক আগবাঢ়ি আহে।

ইয়াৰ মাজতে কোনোবাই আৰক্ষীক খৱৰ দিয়ে আৰু শীঘ্ৰেই আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে, ইতিমধ্যে অভিযুক্তক যুৱতীগৰাকীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে অভিযুক্ত ৰাথোৰক আটক কৰি থানালৈ নিয়ে আৰু যৌন নিৰ্যাতন চলোৱা তথা ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰে।

তদন্তকাৰী আৰক্ষীৰ দলে অঞ্চলটোৰ পৰা চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰে আৰু ইয়াৰ ভিত্তিতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Related News