NORTHEAST NOW (Assamese)

7th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ; শিথিল নিয়ম

November 22, 2021 9:22 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

7th Pay Commission দীৰ্ঘদিন ধৰি দেশত সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী সকলক দেশৰ সম্পদ হিচাপে গণ্য কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে যদি কোনো সংস্থাৰ মুৰব্বী গৰাকী সন্তুষ্ট হয় যে কোনো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তেওঁৰ হাতত নথকা কোনো কাৰণৰ বাবে তেওঁৰ জীৱনসংগিনীৰ সৈতে যৌথ একাউন্ট খুলিব পৰা নাই, তেতিয়াহ’লে নিয়ম শিথিল কৰা হ’ব পাৰে।

যিবোৰ বেংকে পেঞ্চন প্ৰদানৰ কাম কৰে তেওঁলোকক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যে পৰিয়ালৰ পেঞ্চনভোগী (জীৱনসংগী)য়ে ইতিমধ্যে থকা যদি কোনো যৌথ একাউন্ট বাচি লয়, তেতিয়াহ’লে নতুন একাউন্ট খোলাৰ বাবে জোৰ দিব নালাগে।

Also Read: India vs New Zealand: বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ! তৃতীয় টী-২০তো বিজয়েৰে নিউজিলেণ্ডক হোৱাইটৱাচ টীম ইণ্ডিয়াৰ

অৱশ্যে নিয়ম শিথিল কৰিলেও কেন্দ্ৰই লগতে জনাইছে যে যৌথ একাউন্ট থাকিলেই ভাল হয় যিটো একাউন্ট জীৱনসংগীৰ সৈতে খোলা হ’ব। ‘পেঞ্চন পেমেন্ট অৰ্ডাৰ’ত তেওঁৰ নামত পৰিয়াল পেঞ্চনৰ অনুমোদন থাকিব।

উল্লেখ্য যে এই একাউন্টসমূহ পেঞ্চনভোগীৰ ইচ্ছা অনুসৰি পৰিচালনা কৰিব লাগিব।  

কোনোধৰণৰ পলম নকৰাকৈ পৰিয়াল পেঞ্চন দিয়াৰ বিষয়টো নিশ্চিত কৰাৰ বাবেই যৌথ বেংক একাউন্ট খোলা হয়।

Also Read: হায় পৰিৱৰ্তন! অহা বছৰৰ ১ জানুৱাৰীৰ পৰা জনতাৰ মূৰত মোডী চৰকাৰৰ আন এক মাধমাৰ, কি সেয়া?

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জনোৱা গৈছে যে নতুন পেঞ্চন বেংক একাউন্ট খোলাৰ ক্ষেত্ৰত পৰিয়ালৰ পেঞ্চনভোগীৰ যাতে কোনো সমস্যা নহয় সেয়া নিশ্চিত কৰাৰ বাবেই যৌথ বেংক একাউন্ট খোলা হয়।

ইয়াৰ ফলত পৰিয়াল পেঞ্চন আৰম্ভ কৰাৰ বাবে অনুৰোধ কৰাৰ সময়ত ন্যুনতম নথিপত্ৰৰ প্ৰয়োজন হয়।     

Related News