NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ: অন্ধ্ৰ প্ৰদেশৰ সাংসদে আগবঢ়াব ৪ কোটি টকাৰ বৰঙনি

March 25, 2020 10:14 pm · এন ই নাও নিউজ
Updated: March 25, 2020 10:19 pm

অন্ধ্ৰ প্ৰদেশৰ সাংসদ ভি বালাচৌৰিয়ে কৰ’নাভাইৰাছৰ মোকাবিলা কৰাৰ বাবে সাংসদ পুঁজিৰ ৪ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰিছে।

ৱাই এছ আৰ চি পিৰ সাংসদজনে এই ধন অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব।

ধনখিনি প্ৰদানৰ কথা ঘোষণা কৰি মুখ্য মন্ত্ৰী জগন মোহন ৰেড্ডিলৈ তেওঁ এক পত্ৰ প্ৰেৰণ কৰিছে।

তেওঁ কয় যে এই কঠিন সময়ত মুখ্য মন্ত্ৰীগৰাকীৰ হাত শক্তিশালী কৰাৰ বাবে তেওঁ এই কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ লগতে কয় যে ৰাজ্যখনৰ ২৮ গৰাকী সাংসদে নিজৰ পুঁজিৰ চাৰি কোটিকৈ টকাৰ বৰঙনি আগবঢ়ালে এই ধনৰ পৰিমাণ ১১২ কোটি টকা হ’বগৈ।

অন্ধ্ৰ প্ৰদেশত এতিয়ালৈকে নগৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬২ গৰাকীলৈ বৃদ্ধি পাইছে।

উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। অসমত এতিয়ালৈকে কোনো আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

দেশত ৪০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ১০ গৰাকী লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

Related News