NORTHEAST NOW (Assamese)

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰ অৰ্থাৎ ১৮ ছেপ্টেম্বৰত দিল্লীৰ আদালতে আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ (এ ই এল) বদনাম কৰাৰ অভিযোগত অভিযুক্ত চাৰিজন সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল কৰে। উল্লেখ্য যে যোৱা ৬ ছেপ্টেম্বৰত দিল্লীৰ ৰোহিনীৰ নিম্ন আদালতে গৃহীত কৰা এই নিৰ্দেশত সাংবাদিক ৰবি নায়াৰ, অবিৰ দাসগুপ্ত, অয়কান্ত দাস, আয়ুষ যোশীকে ধৰি ৯ জন ব্যক্তি আৰু সংবাদগোষ্ঠীক আদানী গোটৰ বিষয়ে অসত্য বা ক্ষতিকাৰক বিষয়বস্তু প্ৰকাশ কৰাত বাধা আৰোপ কৰিছিল। লগতে আদালতে তেওঁলোকক পাঁচ দিনৰ ভিতৰত কিছুমান বিশেষ লেখা আৰু ছ’চিয়েল মিডিয়া পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিছিল। তেওঁলোকৰ পক্ষৰ নুশুনাকৈ জাৰি কৰা এই আদেশক প্ৰত্যাহ্বান জনাই সাংবাদিকসকলে ইয়াক অন্যায় আৰু বাক স্বাধীনতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে।

অধিবক্তা বৃন্দা গ্ৰ’ভাৰে প্ৰতিনিধিত্ব কৰা সাংবাদিকসকলে এই নিৰ্দেশ সমালোচনাত্মক বাতৰিক নীৰৱ কৰাৰ প্ৰয়াস বুলি যুক্তি আগবঢ়ায়। তেওঁলোকে কয় যে আদানে গ্ৰুপে এই গোচৰটোক “ডিক্লেৰেশ্যন ছুট” হিচাপে দেখুৱাই কঠোৰ মানহানিৰ আইন উলংঘা কৰিছে, যিয়ে সত্য বা ন্যায্য মন্তব্যৰ দৰে প্ৰতিৰক্ষাৰ অনুমতি দিয়ে। গ্ৰ’ভাৰে এই কথাও আঙুলিয়াই দিয়ে যে লেখাবোৰত প্ৰায়ে গৌতম আদানীক ব্যক্তিগতভাৱে সমালোচনা কৰা হৈছিল, কেৱল কোম্পানীটোক নহয়। জিলা ন্যায়াধীশ আশীষ আগৰৱালাই এই কথাত সন্মতি প্ৰকাশ কৰি কয় যে নিম্ন আদালতে এনে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পূৰ্বে সাংবাদিকসকলৰ শুনানি গ্ৰহণ কৰিব লাগিছিল। তেওঁ আবেদন কৰা চাৰিজনৰ বাবে নিৰ্দেশ আঁতৰাই ৰাখিছিল যদিও মূল মানহানিৰ গোচৰটোৱে এতিয়াও পৰীক্ষা কৰিব যে সাংবাদিকসকলৰ প্ৰতিবেদন সচাঁই ক্ষতিকাৰক আছিল নে নহয়।

বিজয় আগৰৱালাকে ধৰি আদানী গ্ৰুপৰ অধিবক্তাই দাবী কৰে যে সাংবাদিকসকলৰ প্ৰবন্ধসমূহ ভাৰতৰ ব্যৱসায়িক জগতৰ গুৰুত্বপূৰ্ণ ব্যক্তি গৌতম আদানীৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ অংশ। তেওঁলোকে ২০২৩ চনৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ উল্লেখ কৰে, য’ত আদানীক আৰ্থিক অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ে সেই দাবীসমূহৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰে। তেওঁলোকৰ যুক্তিৰ পিছতো ন্যায়াধীশে ৰায় দিয়ে যে সঠিক শুনানি অবিহনে এই নিৰ্দেশ উচিত নহয়। এই সিদ্ধান্ত অৱশ্যে কেৱল আবেদন কৰা চাৰিজন সাংবাদিকৰ ক্ষেত্ৰতহে প্ৰযোজ্য, যাৰ ফলত পৰঞ্জয় গুহ ঠাকুৰতাৰ দৰে আনসকলে পৃথক ৰায়ৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে।

Related News