NORTHEAST NOW (Assamese)

আম খোৱাৰ পিছত বাকলিবোৰ পেলাই নিদিব : ব্যৱহাৰ কৰক এইদৰে

June 24, 2024 4:11 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মানুহে গ্ৰীষ্মকাললৈ অপেক্ষা কৰে কাৰণ এই বতৰত আমৰ সোৱাদ ল’বলৈ পায়। আম কেৱল সুস্বাদুৱেই নহয় বৰঞ্চ বহু দিশত আমাৰ স্বাস্থ্যৰ বাবেও উপকাৰী। বহুতে আম খাই বৰ ভাল পায়। বহুতে আমৰ ৰসো খাই ভাল পায়।

কিন্তু সকলোৱে আম খাই বাকলিবোৰ পেলাই দিয়ে বা গৰু ছাগলীক খাবলৈ দিয়ে। কিন্তু আমৰ বাকলিবোৰ আমি উচিত ব্যৱহাৰ কৰিব পাৰো।

আজি আমি আপোনালোকক আমৰ বাকলিৰ ব্যৱহাৰৰ বিষয়ে ক’ম।

আমৰ খোলাত আঁহ, এন্টিঅক্সিডেন্ট, ভিটামিন চি, এ, কে, পটাছিয়াম আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। ই ছালৰ বাবে অতি উপকাৰী। ইয়াৰ দ্বাৰা ছালৰ লগত জড়িত বহু সমস্যা দূৰ কৰাত সহায়ক হ’ব পাৰে। বয়সৰ আগতে মুখত বলিৰেখা বা বয়স বৃদ্ধিৰ লক্ষণ দেখা দিয়া। এই সকলোবোৰৰ পৰা সকাহ পোৱাত আৰু ছালখন জিলিকি উঠাত আম বাকলিয়ে সহায় কৰিব পাৰে। ইয়াৰ বাবে আপুনি আমৰ বাকলি পেষ্ট বনাই মুখত লগাব লাগিব।

যদি আপুনি আচাৰ খাই ভাল পায়, তেন্তে আমৰ বাকলিৰ পৰা আচাৰো তৈয়াৰ কৰিব পাৰে। কুকাৰত আমৰ বাকলিবোৰ দি তাত এচামুচ নিমখ আৰু অলপ হালধী দিব। তাৰপিছত কুকাৰত আধাকাপ পানী দি গেছত থৈ তিনিবাৰ হুইচেল মৰাৰ পিছত বাকলিবোৰ উলিয়াই পানীৰ পৰা পৃথক কৰি আন এটা পাত্ৰত ৰাখিব। তাৰ পিছত বাকলিবোৰ সৰু সৰুকৈ কাটি তাৰ পিছত বাকলিবোৰত বিভিন্ন মছলা ভালদৰে মিহলাই লওক। কেৰাহীত তেল গৰম কৰি সৰিয়হৰ গুটিৰ লগত গৰম কৰি লওক। ৰঙচুৱা হোৱাৰ পিছত কেৰাহীত জিৰা আৰু আমৰ বাকলিবোৰ দিব। পানী সম্পূৰ্ণ শুকুৱাই তেল পৃথক নোহোৱালৈকে মিশ্ৰণটো ভাজি থাকক। এনেদৰেই তৈয়াৰ হ’ব আমাৰ বাকলিৰ আচাৰ।

Related News