NORTHEAST NOW (Assamese)

নিৰ্বাচনত পৰাজয়ৰ পিছতে সম্পৰ্কত আউল! বিবাহ বিচ্ছেদৰ আবেদন ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

May 11, 2023 5:16 pm · এন ই নাও নিউজ, গুৱাহাটী
ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মাৰিন।

এমাহ পূৰ্বে তীব্ৰ যুঁজ দি তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল। এইবাৰ ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মেৰিনে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিলে। ২০১৯ চনত তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। পিছৰ বছৰত তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকক বিয়া কৰায়। অৱশ্যে তিনি বছৰৰ ভিতৰতে তেওঁলোকৰ সংসাৰত ভাঙোন ধৰিল।

বুধবাৰে ছানাই বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে। কিন্তু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, বিচ্ছেদৰ পিছতো প্ৰাক্তন স্বামীগৰাকী তেওঁৰ প্ৰিয় বন্ধু হৈয়ে থাকিব।

লগতে পঢ়ক: মণিপুৰত পুনৰ হিংসা! চুৰাচান্দপুৰৰ পৰা আহিছে দুষ্কৃতিকাৰীয়ে মুকলিকৈ গুলী চলোৱা ঘটনাৰ খবৰ

মাৰ্কাছ ৰাইকোনেনৰ সৈতে ১৯ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ছানা মেৰিনে। তেওঁলোকৰ এগৰাকী পাঁচ বছৰীয়া কন্যাও আছে। ২০২০ চনত কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ছানা-মাৰ্কাছে বিয়া পাতিছিল। তেতিয়া এক কঠিন পৰিস্থিতিত দেশক নেতৃত্ব দিছে মেৰিনে।

আনহাতে, মাৰ্কাছে এটা ভেঞ্চাৰ কেপিটেল ফাৰ্মত কাম কৰি আছিল। বিয়াৰ পিছত ইনষ্টাগ্ৰামত পোষ্ট কৰি ছানাই কয়, ‘আমি একেলগে ডাঙৰ হৈছো। এতিয়া মই এটা নতুন পৰিয়াল গঢ়ি তুলিবলৈ ওলাইছো।”

অৱশ্যে তিনি বছৰৰ ভিতৰতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল। ইনষ্টাগ্ৰামত ছানা আৰু মাৰ্কাছে পৃথকে পৃথকে পোষ্ট কৰে। ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, “১৯ বছৰ একেলগে। আমাৰো এজনী ছোৱালী আছে। আমি সকলো কামৰ বাবে কৃতজ্ঞ। বিদায়ৰ পিছতো আমি প্ৰিয় বন্ধু হৈ থাকিম।” মাৰ্কাছেও একেই কথা লিখিছে।

লগতে পঢ়ক: আমৰ ইমান দাম! যেনে ৰূপ, তেনেই সোৱাদ! এই প্ৰজাতিৰ এটা আমৰ দামেই কিমান জানেনে?

উল্লেখ্য যে এপ্ৰিল মাহত সোঁপন্থী দলৰ হাতত পৰাস্ত হৈছিল প্ৰধানমন্ত্ৰী ছানা মেৰিন। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যুঁজৰ অন্তত সোঁপন্থী এনচিপিয়ে সৰ্বাধিক আসন লাভ কৰে। বিশেষজ্ঞসকলৰ মতে এনচিপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালেও অংশীদাৰ দলৰ সৈতে চৰকাৰ গঠন কৰিব। অৱশ্যে ছানাক প্ৰধানমন্ত্ৰী হিচাপে দেখা নাযাব বুলিয়েই বিশেষজ্ঞসকলে কয়। কাৰণ ১৯৯০ চনৰ পৰা ফিনলেণ্ডে প্ৰধানমন্ত্ৰী হিচাপে বৃহত্তম দলৰ নেতাকে পাইছে।

Related News