NORTHEAST NOW (Assamese)

পুৱা উঠিয়েই কৰক এই পাঁচটা কাম, শীঘ্ৰে কমিব অতিৰিক্ত চৰ্বি; চাওক ওজন কমোৱাৰ বিশেষ টিপছ

September 10, 2024 8:17 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিৰ বাবে সকলোৱে চিন্তিত। এই চৰ্বিৰ বাবে যিমানেই ধুনীয়া কাপোৰ পিন্ধক কিয়, আপোনাক অদ্ভুত দেখা যাব। বিশেষকৈ যিসকলৰ পেট বাঢ়িছে, তেওঁলোকৰ সকলো মেকআপ কেৱল চৰ্বিৰ বাবেই পানী হৈ পৰে। কিন্তু কেনেকৈ কমাব পৰা যায় এই অতিৰিক্ত চৰ্বি?

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰাতিপুৱাৰ পৰাই উদ্যোগ লওক। ৰাতিপুৱা উঠিয়েই এই পাঁচটা কাম কৰক, আপুনি সোনকালে অতিৰিক্ত চৰ্বি কমাব পাৰিব, ইয়াত ওজন কমোৱাৰ বিশেষ টিপছ দিয়া হ’ল।

প্ৰতিদিনে সকলোৰে আগতে ৰাতিপুৱাই উঠক। ৰাতিপুৱা উঠিলে শৰীৰৰ বিপাকীয় ক্ৰিয়া সঠিক থাকে। অন্যথা বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। সেয়ে এই নিয়ম মানি চলক।

লগতে পঢ়কঃ নিশা টোপনি নোহোৱা সমস্যাৰ পৰা চিৰদিনৰ বাবে পাওক পৰিত্ৰাণ! মাত্ৰ কৰক এই কাম

প্ৰচুৰ পৰিমাণে পানী খাওক। প্ৰতিদিনে শুই উঠি এগিলাচ পানী খাব লাগে। ই ডিটক্স ৱাটাৰৰ কাম কৰে। পেটভৰাই পানী খাব লাগে। পানী খালে শৰীৰটো সুস্থ থকাৰ  লগতে চৰ্বিও কম হ’ব।

ৰাতিপুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰক। প্ৰটিন সমৃদ্ধ খাদ্য খাব লাগে। কণী, দৈ, গাখীৰ, বাদাম খাব। ইয়াত শৰীৰ যিদৰে সুস্থ হ’ব, সেইদৰে ই চৰ্বি সোনকালে হ্ৰাস কৰিব। উপকৃত হ’ব।

প্ৰতিদিনে পুৱা যোগাসন কৰক। যোগ কৰিলে মন শান্ত থাকিব আৰু মানসিক চাপ কমিব। কৰ্টিছল হৰম’নে ওজন বৃদ্ধি কৰে। যোগা কৰিলে কৰ্টিছল হৰম’নৰ নিঃসৰণ সঠিক হ’ব। উপকৃত হ’ব।

লগতে পঢ়কঃ শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ; এইবোৰ আওকাণ কৰিলেই বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা!

নিয়মিতভাৱে ব্যায়াম কৰক। খোজ কঢ়া, দৌৰা, চাইকেল চলোৱাৰ দৰে ব্যায়াম কৰিলে শৰীৰৰ কেলৰি বাৰ্ণ হয়। ই সোনকালে ওজন হ্ৰাস কৰে। চৰ্বি কমাব বিচাৰিলে এতিয়াৰ পৰা এই টিপচ্ সমূহ মানি চলক। 

Related News