NORTHEAST NOW (Assamese)

২০০ কোটি টকীয়া চৰকাৰী ভূমি বিক্ৰী কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত এজন প্ৰাক্তন পিয়ন

March 3, 2020 9:52 am · এন ই নাও নিউজ

২০০ কোটি টকীয়া মূল্যৰ চৰকাৰী ভূমি জালিয়াতিৰে বিক্ৰী কৰিবলৈ গৈ যাৱজ্জীৱন দণ্ডেৰে দণ্ডিত হৈছে এজন প্ৰাক্তন পিয়ন।

ঘটনাটো মধ্য প্ৰদেশৰ ভূপালৰ।

ভূপাল জিলা কালেক্টৰ কাৰ্যালয়ৰ ৬২ বছৰীয়া প্ৰাক্তন পিয়ন বাবুলাল সোনাহ্ৰেই ভুৱা চুক্তি পত্ৰৰে ২০০ কোটি টকীয়া ২.৬ একৰ চৰকাৰী ভূমি বিক্ৰী কৰি ধৰা পৰে।

বাবুলালক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৪ লাখ টকাৰ জৰিমনাও বিহা হৈছে উচ্চ ন্যায়ালয়ে।

বাবুলালৰ লগতে একেটা অপৰাধতে সঞ্জীৱ বিচাৰীয়া, প্ৰীতি বিচাৰীয়া, অল্পনা বিচাৰীয়া, অমৃত বিচাৰীয়া আৰু শৈলেন্দ্ৰ বিচাৰীয়াক ১০ বছৰ কাৰাদণ্ডৰ বিহাৰ লগতে প্ৰতিজনকে ৩ লাখ টকাকৈ জৰিমনাও বিহিছে।

একেটা অপৰাধতে আন দুগৰাকী মহিলা ক্ৰমে ৰূপাশ্ৰী জৈন আৰু শ্ৰাৱিত্ৰীবাইক ৭ বছৰৰ কাৰাদণ্ডৰ লগতে গাইপতি ২ লাখকৈ টকা জৰিমনা বিহা হৈছে। আন এজন দোষী আনৱাৰ খানক ৫ বছৰ কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহা হৈছে।

আটাইকেইজন দোষীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ৰাজ্যিক ইক’নমিক অফেনছ বিষয়াই ২০০৭ চনৰ পৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিছিল।

Related News