NORTHEAST NOW (Assamese)

ৰাম মন্দিৰ ট্ৰাষ্ট গঠন; প্ৰধান মন্ত্ৰী মোদীয়ে সংসদত আৰু কি ক’লে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা

February 5, 2020 1:01 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী মোদী

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ৰাম মন্দিৰ ট্ৰাষ্ট গঠন কৰাৰ বাবে মঞ্জুৰী প্ৰদান কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে লোকসভাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১৫ জনীয়া সদস্যৰে গঠিত ট্ৰাষ্টৰ কথা ঘোষণা কৰে।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গঠন হ’বলগীয়া ট্ৰাষ্টৰ নাম হ’ব ‘শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ’।

প্ৰধান মন্ত্ৰী মোদীয়ে ইয়াৰোপৰি শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰক ৬৭ একৰ চৰকাৰী ভূমি অৰ্পন কৰা হ’ব বুলিও কয়।

১৯৯২ চনত বাবৰী মছজিদ ধ্বংসৰ পাছত যেতিয়া বিবাদ আৰম্ভ হৈছিল সেই সময়তে কেন্দ্ৰ চৰকাৰে এই বিবাদিত ৬৭ একৰ ভূমি অধিগ্ৰহণ কৰি লৈছিল।

তেতিয়াৰে পৰা এই ৬৭ একৰ ভূমি কেন্দ্ৰ চৰকাৰৰ অধীন আছিল যি ভূমি বৰ্তমান ৰাম মন্দিৰ ট্ৰাষ্টক গটাই দিয়া হ’ব।

‘এই বিষয়টো শ্ৰী ৰামৰ জন্মভূমিৰ সৈতে জড়িত, এই বিষয়টো অযোধ্যাত ভগৱান শ্ৰী ৰামৰ উপাসনা মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত। ৯ ডিচেম্বৰত মই কৰতাৰপুৰ চাহিব কৰিড’ৰ উদ্বোধন অনুষ্ঠানত আছিলো আৰু উক্ত দিনাখনে মই ৰাম মন্দিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় শুনিবলৈ পাও,’’ সংসদত প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

Related News