NORTHEAST NOW (Assamese)

উত্তপ্ত ভাৰত-চীন সীমান্ত : লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান

June 16, 2020 2:03 pm · এন ই নাও নিউজ
Updated: June 16, 2020 2:54 pm
ফাইল ফটো: জী নিউজৰ সৌজন্যত

উত্তপ্ত হৈছে উঠিছে লাডাখৰ ভাৰত-চীন সীমান্ত।

লাডাখৰ ভাৰত-চীন সীমান্তত দুই দেশৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে ভাৰতীয় সেনাবাহিনীৰ এজন কৰ্ণেলসহ দুজনকৈ সেনা জোৱান।

সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যই হঠাতে কৰা আক্ৰমণত নিহত হৈছে কৰ্ণেলসহ ভাৰতীয় সেনা জোৱান দুজন।

লগতে পঢ়ক : ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

উল্লেখ্য যে ১০ দিনীয়া দুই দেশৰ মাজত অব্যাহত থকা সেনাৰ বিগ্ৰেডিয়াৰ পৰ্যায়ৰ বৈঠকৰ পাছতে চীনা সৈন্যই হঠাতে ভাৰতীয় সেনাক আক্ৰমণ কৰে।

ভাৰতীয় সেনা বাহিনীয়ে মঙ্গলবাৰে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সংঘাত সন্দৰ্ভত বিৰোধীক কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

“গালৱান উপত্যকাৰ উত্তেজনা নিৰসনৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে কালি নিশা এক সংঘৰ্ষ তথা মৃত্যুৰ ঘটনা ঘটিছে। ভাৰতীয় সেনাৰ এক বিষয়া আৰু দুজন জোৱানৰ মৃত্যু হৈছে। দুই পক্ষৰ সেনা বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৈঠকত অংশগ্ৰহণ কৰিছে।” ভাৰতীয় সেনা বাহিনীৰ বিবৃতিত প্ৰকাশ।

লগতে পঢ়ক : লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

কিছু সময়ৰ পিছতে সেনা বাহিনীয়ে এই বিষয়টো সন্দৰ্ভত সংবাদ মেলৰ আয়োজন কৰি পৰিস্থিতিৰ ব্যাখ্যা কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কত কি ক’লে স্থলসেনা প্ৰধান জেঃ মনোজ মুকন্দই?

(আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ঘটনা সন্দৰ্ভত বিস্তাৰিতভাৱে প্ৰকাশ কৰা হ’ব।)

Related News