NORTHEAST NOW (Assamese)

ভাঙি গ’ল এক্স-মেন খ্যাত অভিনেতা হিউ জেকমেনৰ ২৭ বছৰীয়া সুখৰ সংসাৰ!

September 17, 2023 1:44 pm · এন ই নাও নিউজ, গুৱাহাটী
পত্নী ডেব’ৰা-লী ফাৰ্নেছৰ সৈতে হিউ জেকমেন। ফটো: সংগ্ৰহীত।

হিউ জেকমেন আৰু তেওঁৰ পত্নী ডেব’ৰা-লী ফাৰ্নেছে বিবাহৰ ২৭ বছৰৰ পাছত পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে এক বিবৃতিত তেওঁলোকে নিজেই এই সিদ্ধান্ত ঘোষণা কৰে।

তেওঁলোকে কয় যে আমাৰ যাত্ৰা এতিয়া সলনি হৈছে আৰু আমি ব্যক্তিগত কামৰ বাবে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো।

বিবৃতিটোত লগতে কোৱা হৈছে যে তেওঁলোকে সৌহাৰ্দ্যপূৰ্ণভাৱে বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছে।

হিউ জেকমেন আৰু তেওঁৰ পত্নী ডেব’ৰা-লী ফাৰ্নেছ। ফটো: সংগ্ৰহীত।

বাতৰি অনুসৰি, হিউ জেকমেনে কয় যে আমি প্ৰায় তিনিটা দশক একেলগে স্বামী-স্ত্ৰী হিচাপে এক সুন্দৰ, মৰমসনা আৰু চমকপ্ৰদ দাম্পত্য জীৱন কটাই ধন্য হৈছো। আমাৰ যাত্ৰা এতিয়া স্থানান্তৰিত হৈছে আৰু আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো।

তেওঁ লগতে কয় যে পৰিয়াল আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল আৰু সদায় থাকিব। আমি আমাৰ পৰৱৰ্তী অধ্যায়টো কৃতজ্ঞতা, মৰম আৰু উদাৰতাৰে আকোৱালি লৈছো।

হিউ জেকমেন আৰু তেওঁৰ পত্নী ডেব’ৰা-লী ফাৰ্নেছ। ফটো: সংগ্ৰহীত।

উল্লেখযোগ্য যে হিউ জেকমেন আৰু ডেব’ৰা-লী ফাৰ্নেছে ১৯৯৬ চনত নিজৰ সংসাৰ আৰম্ভ কৰিছিল। ১৯৯৫ চনত তেওঁলোকে টেলিভিছন ধাৰাবাহিক ক’ৰালিত সহ অভিনয়শিল্পী হিচাপে কাম কৰিছিল। সেই সময়ত দুয়োৰে মাজত প্ৰেম হয়।

Related News