NORTHEAST NOW (Assamese)

ক’ৰ’নাতংকৰ মাজতে প্ৰলয়ংকৰী বানত বিধ্বস্ত অসমৰ কিছু দুখলগা ছবি

July 18, 2020 6:33 pm · এন ই নাও নিউজ
Updated: July 18, 2020 7:13 pm

ৰাজ্যত অব্যাহত থকা অপ্ৰতিৰোধ্য ক’ৰ’না সংক্ৰমণৰ মাজতে কালান্তক বানে অসমৰ মেৰুদণ্ড ভাঙি পেলাইছে।

ৰাজ্যখনৰ ৩৩ খন জিলাৰ ২৭ খনৰ ৮৮ টা ৰাজহ চক্ৰৰ ৩,০১৪ খনগাঁও প্ৰলয়ংকৰী বানৰ কৱলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৩৫,৭৫,৮৩২ লোক বানত আক্ৰান্ত হোৱাৰ লগতে ৭১ গৰাকী লোকৰ প্ৰাণহানী হৈছে।

সমগ্ৰ ৰাজ্যখনৰ ৭১১ টা আশ্ৰয় শিবিৰত ৫১,৪২১ লোকে আশ্ৰয় লৈ আছে। ইফালে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে যোৱা মে’ মাহৰ পৰা চলিত বানলৈকে ৰাজ্যখনৰ প্ৰায় ১,২৭,৯৫৫.৩৩ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।

বন বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে কাজিৰঙাকে ধৰি ৰাজ্যৰ বিভিন্ন বনাঞ্চলত ৮৬ টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে আৰু ১২৫ টা বন্যপ্ৰাণীক উদ্ধাৰ কৰা হৈছে।

এক চিত্ৰ-সংবাদ  – 

 

 

Related News