NORTHEAST NOW (Assamese)

Covid-19 Update দেশত সংক্ৰমণ নিয়ন্ত্ৰণত থাকিলেও পুনৰ বৃদ্ধি পালে কৰ’নাৰ দৈনিক মৃত্যুৰ সংখ্যা

November 28, 2021 10:54 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ নিয়ন্ত্ৰাধীন হৈ আছে যদিও কৰ’নাৰ দৈনিক মৃত্যুৰ সংখ্যা হঠাৎ বৃদ্ধি পাবলৈ লোৱাত উদ্বেগৰ সৃষ্টি হৈছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৮ হাজাৰ ৭৭৪ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ৩১৮জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৬২১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। শনিবাৰে দেশত কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা আছিল ৪৬৫জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ৫৪৪জন।

Also Read: দেশত অ’মিক্ৰণৰ আতংকৰ মাজতে বেংগালুৰুত দক্ষিণ আফ্ৰিকাৰ পৰা অহা দুজন ব্যক্তি পজিটিভ

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৪৮১ জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৯লাখ ৮হাজাৰ ২৭৮জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ হাজাৰ ৬৯১জন।

ৰ্তমানলৈ দেশত প্ৰায় ১২ কোটি লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৮২ লাখতকৈ অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

Also Read: Malala Yousafzai graduated: অক্সফ’ৰ্ডৰ পৰা আনুষ্ঠানিকভাৱে স্নাতক ডিগ্ৰী লাভ কৰিলে নোবেল বিজয়ী মালালাই

কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতি অ’মিক্ৰনলৈ শংকা বৃদ্ধি পাইছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে এই নতুন প্ৰজাতিয়ে একাধিকবাৰ ৰূপ সলনি কৰিছে। দক্ষিণ আফ্ৰিকাত এই নতুন ভেৰিয়েন্টৰ সংক্ৰমণ ইতিমধ্যে বিয়পিছে।

কৰ’নাৰ এই নতুন মাৰাত্মক সংক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায় সেই সম্পৰ্কে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এক বৈঠকত মিলিত হৈ সংশ্লিষ্ট সকলোকে পৰিস্থিতিৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে।  

Also Read: Cell Culture Laboratory Inaugurated গুৱাহাটীৰ জি আই পি এছৰ চৌহদত গৱেষণাৰ বাবে “চেল কালচাৰ” লেবৰেটৰী স্থাপন

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।  

Related News