NORTHEAST NOW (Assamese)

কূটনীতিবিদৰ সংখ্যা কমাওক নহ’লে…! সংঘাতৰ মাজতে কানাডাৰ দূতাবাস বন্ধৰ সকীয়নি দিল্লীৰ

October 3, 2023 12:51 pm · এন ই নাও নিউজ, গুৱাহাটী

খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জৰ হত্যাৰ ডেৰ সপ্তাহৰ পাছতো ভাৰতৰ কানাডাৰ সৈতে কূটনৈতিক জটিলতা আঁতৰা নাই। এনে পৰিস্থিতিত নতুন দিল্লীয়ে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। জাষ্টিন ট্ৰুডো চৰকাৰক কূটনীতিবিদৰ সংখ্যা হ্ৰাস কৰিবলৈ কৈছে বৈদেশিক মন্ত্ৰালয়ে। এই নিৰ্দেশ পালন নকৰিলে দূতাবাস বন্ধ কৰাৰ সকীয়নি দিছে নৰেন্দ্ৰ মোডী প্ৰশাসনে।

বৰ্তমান কানাডাত ৩০ জন ভাৰতীয় কূটনীতিবিদে কাম কৰি আছে। কিন্তু নতুন দিল্লীত থকা অট’ৱাৰ দূতাবাসত তিনিগুণ বেছি কূটনীতিবিদ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত পোনপটীয়াকৈ আপত্তি প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, তেওঁলোকক সম সংখ্যক কূটনীতিবিদেৰে দূতাবাস চলাবলৈ কৈছে।

উল্লেখ্য যে যোৱা মাহত নতুন দিল্লীয়ে কানাডাৰ ৰাষ্ট্ৰদূত কেমেৰন মেককেক ফোন কৰি এজন জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। ভাৰত এৰি যাবলৈ তেওঁক পাঁচ দিনৰ সময় দিয়া হৈছিল। কানাডাই নিজ্জৰৰ হত্যাকাণ্ডৰ পিছত এজন ভাৰতীয় কূটনীতিবিদক দেশ এৰি যাবলৈ কৈছিল। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ প্ৰত্যুত্তৰ হিচাপে মোডী চৰকাৰে সেই পদক্ষেপ গ্ৰহণ কৰিছিল।

লগতে পঢ়কঃ যশস্বীৰ দুৰ্দান্ত শতক; এছিয়ান গেমছত বিজয়েৰে অভিযান আৰম্ভ কৰিলে ভাৰতে

এই সন্দৰ্ভত বিগত সপ্তাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিতং ব্যাখ্যা আগবঢ়াইছিল। এটা বিবৃতিত কোৱা হৈছিল যে, “কানাডাৰ কূটনীতিবিদজনে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মূৰ সুমুৱাইছিল। তেওঁ ভাৰত বিৰোধী কাম কৰি আছিল। সেইবাবেই বাধ্য হৈ এই সিদ্ধান্ত লোৱা হৈছে।”

চলিত বৰ্ষৰ ১৮ জুনত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ গুৰদ্বাৰৰ সন্মুখত অচিনাকি দুষ্কৃতিকাৰীয়ে নিজ্জৰক গুলীয়াই হত্যা কৰিছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে মৃত লোকজনৰ মৃতদেহত ১৫ৰ পৰা ১৭টা গুলীৰ আঘাত আছে। ছেপ্টেম্বৰৰ মাজভাগত প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সংসদত এই হত্যাকাণ্ডক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰিছিল।

নিজ্জৰ হত্যাৰ আঁৰত ভাৰতীয় চোৰাংচোৱা আছে বুলি অভিযোগ উত্থাপন কৰিছে কানাডা প্ৰশাসনৰ মুৰব্বীগৰাকীয়ে। কেৱল সেয়াই নহয়, ট্ৰুডোৱে এই খালিস্তানী উগ্ৰপন্থীজনক পানীৰ কলমিষ্ট্ৰী (প্লাম্বাৰ) বুলিও উল্লেখ কৰিছিল। তেওঁৰ মন্তব্যৰ পিছতে দুয়োখন দেশৰ মাজত কূটনৈতিক সংঘাতৰ সৃষ্টি হয়।

লগতে পঢ়কঃঔষধৰ অভাৱ! চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ১২ টি নৱজাতককে ধৰি ২৪ জনৰ মৃত্যু

প্ৰধানমন্ত্ৰী ট্ৰুডোৰ এই মন্তব্যক উদ্দেশ্যপ্ৰণোদিত আৰু অসামঞ্জস্যপূৰ্ণ বুলি উলাই কৰিছে ভাৰতে। এই বিষয়ত বৈদেশিক মন্ত্ৰী জয়শংকৰে কয় যে কানাডা অপৰাধীৰ বাবে স্বৰ্গ হৈ পৰিছে। তদুপৰি, নতুন দিল্লীয়ে নিজ্জৰ হত্যাকাণ্ডত ভাৰতীয় এজেণ্ট জড়িত থকাৰ প্ৰমাণ বিচাৰিছে।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ট্ৰুডোৰ সুৰটো অলপ নৰম হৈ পৰিছে। তেওঁ ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ কথা কৈছে। আনহাতে, এই বিষয়ত তেওঁ নিজৰ দেশতে বহু প্ৰশ্নৰ সন্মুখীন হৈছে।

Related News