NORTHEAST NOW (Assamese)

ল’কডাউনৰ সময়ত ফিটনেছ ধৰি ৰখাটো বেগী বলাৰ সকলৰ বাবে প্ৰত্যহ্বান হ’ব : শংকৰ বসু

April 13, 2020 10:29 pm · এন ই নাও নিউজ
ইশান্ত শৰ্মা।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ফিটনেছ প্ৰশিক্ষক শংকৰ বসুই ল’কডাউনৰ সময়ত বেগী বলাৰ সকলৰ বাবে ফিটনেছ ধৰি ৰখাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হ’ব বুলি মন্তব্য কৰে।

‘‘মুকলি পথাৰত দৌৰাৰ সমান একো হ’ব নোৱাৰে। বেগী বলাৰ সকলে ট্ৰেডমিলত দৌৰিব পাৰে কিন্তু এয়া মুকলি পথাৰত দৌৰাৰ সমপৰ্যায়ৰ কেতিয়াও হ’ব নোৱাৰে,’’ বসুই লগতে কয়।

যেতিয়া পৰিস্থিতি সামান্য হ’ব তেতিয়া বেগী বলাৰ সকলৰ বাবে হঠাৎ সলনি হোৱা প্ৰশিক্ষণ গ্ৰহণ কৰাটো প্ৰত্যাহ্বান হ’ব বুলিও তেওঁ লগতে।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে ক্ৰিকেটকে ধৰি সকলো ক্ৰীড়া প্ৰতিযোগিতা সমূহ স্তব্ধ হৈ ৰৈছে।

চলিত বৰ্ষৰ আই পি এল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো বৰ্তমান অনিশ্চয়তাই দেখা দিছে।

ল’কডাউনৰ বাবে ভাৰতকে ধৰি বিশ্বৰ প্ৰতিটো ক্ৰিকেট দলৰ খেলুৱৈ সকল ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

Related News