NORTHEAST NOW (Assamese)

বেংগালুৰুত বিৰাট কোহলীৰ নামেৰে ৰাস্তাৰ নামকৰণত বিলম্ব; ক্ষুব্ধ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ

November 12, 2023 8:59 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বিৰাট কোহলী আৰু প্ৰয়াত অভিনেতা পুনীথ ৰাজকুমাৰৰ নামেৰে বেংগালুৰুৰ ৰাজপথৰ নামকৰণৰ চৰ্চা যথেষ্ট দিন ধৰি চলি আহিছে। কিন্তু ব্ৰুহট বেংগালুৰু মহানগৰ নিগমে এই সন্দৰ্ভত এতিয়ালৈকে কোনো উদ্যোগ লোৱা নাই। এই কথাত ক্ষুব্ধ হৈ পৰিছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। তেওঁ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

এবছৰ পূৰ্বে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। কিন্তু তথাপিও একো কাম কৰা হোৱা নাই। হোম্বেগৌড়া নগৰৰ বি টি এছ ৰোডৰ নাম ৰাজকুমাৰৰ নামেৰে ৰখাৰ কথা কোৱা হৈছে। বিৰাটৰ নামেৰে আন এটা পথৰ নাম ৰখাৰ চৰ্চা চলিছে।

লগতে পঢ়কঃ ICC World Cup 2023: পাক নুঘুৰিল পাকিস্তানৰ! ইডেনতো ইংলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়; হতাশাৰে বিশ্বকাপৰ পৰা ঘুৰিল বাবৰ বাহিনী

কিন্তু এই প্ৰস্তাৱ এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই বাবে ব্ৰুহাট বেংগালুৰু মহানগৰ নিগমৰ বিৰুদ্ধে শিৱকুমাৰৰ ওচৰত অভিযোগ দাখিল কৰা হয়। এই কথাত ক্ষুব্ধ হৈ পৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী। তেওঁ ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

বিৰাট আৰু ৰাজকুমাৰৰ নামেৰে ৰাজপথৰ নামকৰণৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাই ব্ৰুহাট বেংগালুৰু মহানগৰ নিগমলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু তাত কোনো কাম নহ’ল। এই দুই তাৰকাৰ নামেৰে পথটোৰ নামকৰণৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

লগতে পঢ়কঃআফগানিস্তানৰ বিশ্বকাপৰ যাত্ৰা অন্ত পৰাৰ লগে লগে অৱসৰৰ কথা ঘোষণা কৰিলে নবীন উল হকে

ৰাজকুমাৰক ‘কৰ্ণাটক ৰত্ন’ উপাধি দিয়া হৈছিল। তেওঁৰ মৃত্যুত সমগ্ৰ কৰ্ণাটকত শোকৰ ছাঁ পৰে। আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলাৰ বাবে কৰ্ণাটকত বিৰাট কোহলি জনপ্ৰিয়। সেইবাবেই আশা কৰা হৈছিল যে এই দুই তাৰকাৰ নামেৰে পথ দুটাৰ নামকৰণৰ কাম শীঘ্ৰে সম্পূর্ণ হ’ব৷ কিন্তু সেয়া নহ’ল। সেইবাবেই শিৱকুমাৰক এই অভিযোগৰ দিয়া হৈছিল। ইয়াৰ পিছতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ শীঘ্ৰে ব্যৱস্থা ল’বলৈ কৈছে। 

Related News