NORTHEAST NOW (Assamese)
Popular Stories

কোনো বৰ্ষীয়ান ব্যক্তি নহয়, টাটা গ্ৰুপৰ নেতৃত্ব দিব এই যুৱতীয়ে! আচৰিত কৰি তুলিব তেওঁৰ পৰিচয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 3, 2024 11:14 am

আমাৰ দেশৰ অন্যতম পুৰণি ব্যৱসায়িক গোট হৈছে টাটা গ্ৰুপ। সময়ৰ লগে লগে টাটা গ্ৰুপে বিভিন্ন ক্ষেত্ৰত নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। আজি গ্ৰুপটোৱে নিমখ উৎপাদনৰ পৰা আৰম্ভ কৰি বিমান সেৱালৈকে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে। কিন্তু আজি টাটা গ্ৰুপে যি স্তৰত উপনীত হৈছে, তাৰ কাৰণ হৈছে জে আৰ ডি টাটা আৰু ৰতন টাটাৰ বছৰ বছৰ ধৰি কৰা অক্লান্ত প্ৰচেষ্টা।

এনে পৰিস্থিতিত বহুতে জানিব বিচাৰে ভৱিষ্যতে টাটা গ্ৰুপৰ নেতৃত্ব কোনে দিব? বেছিভাগ মানুহেই ইয়াৰ উত্তৰ নাজানিলেও ৩৪ বছৰীয়া মায়া টাটা দেশৰ অন্যতম প্ৰভাৱশালী ব্যৱসায়িক সাম্ৰাজ্যৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আগৰণুৱা। চৰ্চাৰ কেন্দ্ৰবিন্দুৰ পৰা নিজকে আঁতৰাই ৰাখি মায়া টাটা নিজৰ কামত ব্যস্ত থাকে। সাধাৰণ মানুহটো দূৰৰ কথা, টাটা গ্ৰুপতো তেওঁক চিনি পোৱা মানুহ খুব কম।

লগতে পঢ়কঃ কেন্দ্ৰৰ কঠোৰ সিদ্ধান্ত, বিএছএফৰ ডিজি আৰু তেওঁৰ ডেপুটিক অপসাৰণ

মায়া টাটা কোন? প্ৰসংগক্ৰমে মায়া টাটা সংশ্লিষ্ট গ্ৰুপৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য। আচলতে মায়া প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ ভতিজী। মায়া টাটাৰ জন্ম হৈছিল নোৱেল টাটা আৰু আলু মিষ্ট্ৰীৰ ঘৰত। তেওঁৰ পিতৃ নোৱেল টাটা ৰতন টাটাৰ সতীয়া ভাতৃ। ইফালে তেওঁৰ মাতৃ আলু মিষ্ট্ৰী টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত চাইৰাছ মিষ্ট্ৰীৰ ভগ্নী। চাইৰাছ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেড আৰু ষ্টাৰলিং ইনভেষ্টমেণ্ট গ্ৰুপৰ জৰিয়তে টাটা ছন্সৰ ১৮.৪ শতাংশ অংশীদাৰিত্ব মিষ্ট্ৰী পৰিয়ালে লাভ কৰিছে। টাটা ছন্সৰ এই অংশীদাৰিত্বৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে মায়াই টাটা গ্ৰুপৰ নেতৃত্ব দিব পাৰে বুলি অনুমান কৰা হৈছে।

ইফালে, মায়াই কম বয়সৰ সত্ত্বেও ইতিমধ্যে টাটা গ্ৰুপত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে। মায়াই ব্ৰিটেইনৰ ৱাৰউইক বিশ্ববিদ্যালয় আৰু বেইজ বিজনেছ স্কুলত অধ্যয়ন কৰিছিল। তাতেই তেওঁ ব্যৱসায়ৰ জটিল জগতখন বুজিবলৈ প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিছিল। ইতিমধ্যে তেওঁ টাটা কেপিটেলৰ ফ্লেগশ্বিপ প্ৰাইভেট ইকুইটি ফাণ্ড টাটা অপাৰ্চনিটিজ ফাণ্ডৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। তাত তেওঁ পৰ্টফলিঅ’ পৰিচালনা আৰু বিনিয়োগকাৰী সম্পৰ্কত পাৰদৰ্শিতা দেখুৱাইছে।

কেৱল সেয়াই নহয়, টাটা ডিজিটেলত কাম কৰাৰ সময়ত মায়াই টাটা নিউ এপ মুকলি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেইটো আছিল গোটেই গ্ৰুপটোৰ বাবে এক ডাঙৰ কৃতিত্ব। গ্ৰুপটোৱে (টাটা গ্ৰুপ) তেওঁৰ দায়িত্ব ল’বলৈ আৰু সফলতা লাভ কৰিবলৈ লোৱা পদক্ষেপক আওকাণ কৰা নাছিল। বৰ্তমান তেওঁ টাটা মেডিকেল চেণ্টাৰ ট্ৰাষ্টৰ ছয়জন ব’ৰ্ডৰ সদস্যৰ ভিতৰত অন্যতম।

লগতে পঢ়কঃ বিতৰ্কৰ পিছত এন টি এয়ে ঘোষণা কৰিলে UGC NET পৰীক্ষাৰ নতুন তাৰিখ

আনহাতে, ইকনমিক টাইমছৰ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত টাটা গ্ৰুপত মায়াৰ প্ৰভাৱ বৃদ্ধিৰ কথা কোৱা হৈছে। সেই প্ৰতিবেদনত কোৱা হৈছে যে তেওঁ লাহে লাহে ডাঙৰ ডাঙৰ দায়িত্ব ল’বলৈ সাজু হৈছে। তেওঁৰ সূক্ষ্ম অথচ আকৰ্ষণীয় উপস্থিতিয়ে তেওঁক টাটা সাম্ৰাজ্যৰ ভৱিষ্যতৰ এগৰাকী গুৰুত্বপূৰ্ণ নেত্ৰী হিচাপে চিহ্নিত কৰিছে। টাটা ছন্সৰ এজিএমত মায়াৰ ভূমিকা পৰ্যবেক্ষণ কৰাৰ পিছত অনুমান কৰা হৈছে যে ভৱিষ্যতে যদি মায়াৰ হাতত গ্ৰুপটোৰ বাঘজৰী গতাই দিয়ে তেন্তে তাত আচৰিত হ’বলগীয়া নাই।