NORTHEAST NOW (Assamese)
Popular Stories

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2025 5:14 pm
যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যোৱা কেইটামান সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতিবলৈ কমেও চাৰিটা চেষ্টা কৰিছিল যদিও ভাৰতীয় নেতাগৰাকীয়ে তেওঁৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰা বুলি জাৰ্মান কাকত ফ্ৰেংকফৰ্টৰ অলজেমাইনে প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ চেষ্টা চলাইছিল আনকি তেওঁৰ প্ৰশাসনে ভাৰতত ৫০% শুল্কৰে আঘাত হানিছিল, যিটো ব্ৰাজিলৰ বাহিৰে আন যিকোনো দেশৰ বাবে সৰ্বাধিক।

বাৰ্লিনস্থিত গ্লবেল পাব্লিক পলিচি ইনষ্টিটিউটৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক থৰ্ষ্টেন বেনাৰে এক্সত কাকতখনৰ প্ৰতিবেদনৰ প্ৰতিলিপি শ্বেয়াৰ কৰি কয় যে, ‘এফ এজে দাবী কৰিছে যে যোৱা কেইটামান সপ্তাহত ট্ৰাম্পে মোডীক চাৰিবাৰকৈ ফোন কৰিবলৈ চেষ্টা কৰিছিল যদিও মোদীয়ে ফোন প্ৰত্যাখান কৰিছিল।