NORTHEAST NOW (Assamese)

নাগালেণ্ডত নতুনকৈ ৯৪ গৰাকী লোক কোভিড প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৫৮৬২ গৰাকীলৈ বৃদ্ধি

September 26, 2020 6:50 pm · এন ই নাও নিউজ

নাগালেণ্ডত শনিবাৰৰ দিনটোত নতুনকৈ ৯৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৫৮৬২ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগায়নু ফোমে ছ’চিয়েল মিডিয়াযোগে ৰাজ্যখনৰ শেহতীয়া কোভিড আপডেট প্ৰকাশ কৰি ৫৭৪ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ৰাজ্যখনত ৯৪ গৰাকী ক’ৰ’না প’জিটিভ লোক চিনাক্ত হয় বুলি জানিবলৈ দিয়ে।

‘‘আপডেট! ৫৭৪ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ৯৪ গৰাকী লোক ক’ৰ’না প’জিটিভ ধৰা পৰিছে,’’ স্বাস্থ্য মন্ত্ৰী ফোমে ছ’চিয়েল মিডিয়াত এইদৰে লিখে।

নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা ৯৪ গৰাকী লোকৰ ভিতৰত ৫১ গৰাকী কহিমা, ৩৯ গৰাকী ডিমাপুৰ, দুগৰাকী মুককচুং আৰু এগৰাকীকৈ ক্ৰমে মুন আৰু ফেক জিলাৰ।

আনহাতে, নাগালেণ্ডত বিগত ২৪ ঘণ্টাত ৮৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰি সুস্থ হৈ উঠে।

ইয়াৰ ভিতৰত ৬৫ গৰাকী ডিমাপুৰৰ আৰু ২৪ গৰাকী কহিমাৰ।

নাগালেণ্ডত বৰ্তমান ১,০৮৮ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এতিয়ালৈ ১১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Related News