NORTHEAST NOW (Assamese)

কেইবাগৰাকীও মহান ক্ৰিকেটাৰক বাদ দি ‘বিশ্ব একাদশ’ ঘোষণা গ্ৰেম স্বানৰ

March 31, 2020 11:25 am · এন ই নাও নিউজ

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দল নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত প্ৰত্যেকৰে মতামত বেলেগ বেলেগ হয়। আৰু এয়া হোৱাটো স্বাভাৱিক, কিয়নো সকলো খেলুৱৈ সকলোৰে পচন্দ নহ’বও পাৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ অৰ্থাৎ আই চি চিয়ে অলপতে ক্ৰিকেটপ্ৰেমীসকলক নিজৰ নিজৰ পচন্দৰ খেলুৱৈৰে সমৃদ্ধ এটা বিশ্ব একাদশ নিৰ্বাচিত কৰিবলৈ কোৱা হৈছিল, যাৰ খেল তেওঁলোকে চাব বিচাৰে।

আই চি চিৰ টুইটক সহাৰি জনাই ইংলেণ্ডৰ প্ৰাক্তন অফ স্পিনাৰ গ্ৰেম স্ৱানে এনেকুৱা এটা দল নিৰ্বাচিত কৰিছে যিটোৱে সকলোকে আচৰিত কৰি তুলিছে।

স্বানৰ দলটোত ইমৰান খান, ৰিচাৰ্ড হেডলি, জেকছ কালিছ, মেলকম মাৰ্চেল, জোৱেল গাৰ্নাৰ, সুনীল গাভাস্কাৰ, বিৰাট কোহলি আৰু ভিভ ৰিচাৰ্ডছৰ দৰে ক্ৰিকেটাৰে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে স্বানৰ দলত অষ্ট্ৰেলিয়াৰ মাৰ্ক ৱ’ৰ দৰে ক্ৰিকেটাৰে স্থান লাভ কৰিছে কিন্তু টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা শ্ৰীলংকাৰ মুথিয়া মুৰুলীধৰণৰ নাম নাই।

স্বানে নিৰ্বাচিত কৰা দলটোত ইংলেণ্ডৰ পাঁচগৰাকী, অষ্ট্ৰেলিয়াৰ তিনিগৰাকী, নিউজিলেণ্ড, ভাৰত আৰু পাকিস্তানৰ একোজনকৈ ক্ৰিকেটাৰক স্থান দিয়া হৈছে।

ইংলেণ্ডৰ প্ৰাক্তন স্পিনাৰ গৰাকীয়ে নিজৰ টুইটাৰৰ জৰিয়তে এই দলটো ঘোষণা কৰে। তেওঁল দলত স্থান পোৱা ক্ৰিকেটাৰ কেইগৰাকী হ’ল- কোলিন মিলবৰ্ণ, মাৰ্টিন ক্ৰ’, ডন ব্ৰেডমেন, শচীন টেণ্ডুলকাৰ, মাৰ্ক ৱ’, ইয়ান বথাম, এলন নট, শ্বেন ৱাৰ্ন, হেৰ’ল্ড লাৰৱুড, ৱাছিম আক্ৰাম আৰু জেমছ এণ্ডাৰছন।

Related News