NORTHEAST NOW (Assamese)

পাকিস্তানৰ আকাশমাৰ্গ বন্ধ! দীঘলীয়া বাটৰ বাবে ৫ মাহত ৪ হাজাৰ কোটিৰ লোকচান এয়াৰ ইণ্ডিয়াৰ

October 29, 2025 9:21 pm · এন ই নাও নিউজ, গুৱাহাটী

মে মাহত অপাৰেচন সিন্দুৰৰ পাছত ভাৰত আৰু পাকিস্তান দুয়োখন দেশে ইখনে সিখনৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। ইয়াৰ বাবেই ভাৰতীয় বিমান সংস্থাসমূহে সমস্যাৰ সন্মুখীন হৈছে। মূলতঃ ইউৰোপ আৰু আমেৰিকালৈ উৰা মাৰিবলৈ বিমানবোৰে দীঘলীয়াভ্ৰমণ কৰিব লাগে। ফলত কোম্পানীসমূহে আৰ্থিক লোকচানৰ সন্মুখীন হবলগীয়া হৈছে। এয়াৰ ইণ্ডিয়াই এতিয়া এই সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াৰ চিইঅ কেম্পবেল উইলছনে কয় যে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে যোৱা ৫ মাহত প্ৰায় ৪ হাজাৰ কোটি টকা লোকচান হৈছে।

বুধবাৰে দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে এয়াৰ ইণ্ডিয়াৰ চিইঅ। তেওঁ কয়, “পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ইউৰোপ আৰু আমেৰিকালৈ যোৱা বিমানসমূহে দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হয়। ফলত অধিক ইন্ধন খৰচ হয়। সেয়েহে খৰচো বৃদ্ধি পাইছে। যোৱা পাঁচ মাহত বিমান সংস্থাটোৱে প্ৰায় ৪ হাজাৰ কোটি টকা লোকচান কৰিছে। কেৱল সেয়াই নহয়, দীঘলীয়াভ্ৰমণ বাবে গন্তব্যস্থানত উপনীত হবলৈও অধিক সময় লাগে।” এয়াৰ ইণ্ডিয়াই দাবী কৰিছে যে এতিয়া প্ৰতিখন বিমানত ৬০ৰ পৰা ৯০ ঘণ্টা সময় লাগে।

মন কৰিবলগীয়া যে দুয়োখন দেশৰ আকাশমাৰ্গত ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ আৰম্ভণি হৈছিল পেহলগাম আক্ৰমণৰ পৰা। পেহেলগাম আক্ৰমণৰ পাছত ২৩ এপ্ৰিলত পাকিস্তানৰ আকাশমাৰ্গ ভাৰতৰ বাবে বন্ধ কৰি দিয়া হয়। ভাৰতেও প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ পাছত সামৰিক সংঘৰ্ষ আৰু দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ মাজতো আকাশমাৰ্গৰ নিষেধাজ্ঞা উঠাই লোৱা নহল।

Related News